অসম

কাঠনিৰ গৰম বজাৰত দুমাহ ধৰি বিকল বিদ্যুতৰ ট্ৰানছফৰ্মাৰ

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ: ঘৰে ঘৰে ২৪ঘণ্টা বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰি হাতত তুলি লোৱা চৰকাৰটোৰ দিনতেই প্ৰায় দু মাহ ধৰি বিকল হৈ আছে মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ কাঠনিৰ গৰম বজাৰৰ এটা বিদ্যুত ট্ৰানছফৰ্মাৰ। ভুক্তভুগী ৰাইজে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰীসকলক বাৰে বাৰে অভিযোগ দিও কোনো সুফল লাভ কৰিব পৰা নাই বৰ্তমান সময়লৈকে। বিভাগটোৰ এনে বিয়াগোম কৰ্মচাৰী সকলৰ এনে হেমাহিৰ পৰিণতিত চৰম অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে ২০১৮ বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ  হ’ব লগা শিক্ষাৰ্থীসকলে বিদ্যুতৰ পোহৰৰ সলনি কেৰাচিন তেলৰ চাকৰি সহায়ত পঢ়িব লগা হৈছে। ব্যৱসায়ী সকলেও বিদ্যুতৰ অভাৱত দোকানসমূহ চলোৱাত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে। বিদ্যুতৰ অভাৱত পোহৰৰ পৰিৱৰ্তে ফুলদানিৰ দৰেই উলমি আছে বৈদ্যতিক বাল্বসমূহ। বাৰে বাৰে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলত অভিযোগ দি সুফল নাপাই এতিয়া ভুক্তভুগী ৰাইজে বিদ্যুত মন্ত্ৰীৰ সহায় বিচাৰিছে ।

Related Articles

Leave a Reply

Close