শেহতীয়া
Home / অসম / কাঠনি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৰ্তমান নাই এজনো চিকিৎসক

কাঠনি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৰ্তমান নাই এজনো চিকিৎসক

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ : মৰিগাঁও জিলাৰ বানে গৰকা বিভিন্ন সমস্যাৰে জজৰিত লাহৰীঘাটৰ উত্তৰাঞ্চলত অৱস্হিত কাঠনি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো প্ৰায় ২০ খন নৈপৰীয়া গাঁৱৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। যিটো সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিভিন্ন ভাষণত স্বাস্থ্য খণ্ডত এক বিৰাট পৰিবৰ্ত্তন অনাৰ কথা কৈ লৰমাৰি ফুৰে কিন্তু সেই সময়তে দেখা গ’ল প্ৰায় ২০খন নৈপৰীয়া গাঁৱৰ একমাত্র ভৰষাৰস্থল স্থল এই নৈপৰীয়া স্বাস্থ্য কেন্দ্রটোত নাই এজনো চিকিৎসাক, নাই কোনো ধৰণৰ লেবৰেটৰী সা-সুবিধা,নাই নাৰ্ছ কাঠনিৰ এই চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত। অভিযোগ অনুসৰি একমাত্ৰ এজন ফাৰ্মাচীষ্ট আৰু এজন চতুৰ্থ বৰ্গ কৰ্মচাৰীয়ে চলাই আছে উক্ত স্বাস্থ্য কেন্দ্ৰটো।

স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকাত নৈপৰীয়া অঞ্চলটোৰ ৰাইজে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। প্ৰাথমিক চিকিৎসাৰ কাৰণে লাহৰীঘাট,মৈৰাবাৰী, মৰিগাঁও আদি চিকিৎসালয়লৈ ৰোগীসকলক লৈ যাব লগা হয়। কিছুদিন পূৰ্বে অঞ্চলটোৰ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে,যদিও বিভাগীয় কতৃপক্ষই এতিয়াও কোনো প্ৰদেক্ষেপ লোৱা নাই, বুলি স্থানীয় ৰাইজে আমাক জানিব দিয়ে। লগতে ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ যোগেদি বিভাগীয় কতৃপক্ষক অতি শীঘ্ৰেই উক্ত চিকিৎসালয়ত উপযুক্ত চিকিৎসক দিবলৈ আহব্বান জনাই অন্যথা অঞ্চলটোৰ ৰাইজে বিষদ প্ৰতিবাদী কাযসূচি লব বুলি বিভাগীয় কতৃপক্ষক সকীয়নি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*