শেহতীয়া
Home / অসম / ‘কালাৰ্ছ’ৰ ৰাইজিং ষ্টাৰ ‘ ৰিয়েলিটী শ্ব ‘লৈ আমন্ত্ৰিত নলবাৰীৰ চয়নিকা বৈশ্য 

‘কালাৰ্ছ’ৰ ৰাইজিং ষ্টাৰ ‘ ৰিয়েলিটী শ্ব ‘লৈ আমন্ত্ৰিত নলবাৰীৰ চয়নিকা বৈশ্য 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ: নলবাৰীৰ অময়াপুৰৰ জৌতিষ চন্দ্ৰ বৈশ্য আৰু বিচিত্ৰা বৈশ্যৰ কন্যা চয়নিকা বৈশ্য ৰাষ্টীয় পৰ্যায়ৰ টেলিভিছন চেনেল ‘কালাৰ্ছ’ৰ ৰাইজিং ষ্টাৰ ‘ৰিয়েলিটী শ্ব’ৰ চূড়ান্ত ৰাউণ্ডৰ বাবে মুম্বাইত ষ্টুডিঅ’লৈ আমন্ত্ৰিত হৈছে। শিল্পী গৰাকীৰ এনে আমন্ত্ৰণত সমগ্ৰ জিলাখনতে আনন্দৰ পৰিবেশ হৈছে আৰু বিভিন্ন দল -সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰাপ্ত বাতৰি মতে যোৱা ১৯  নৱেম্বৰত গুৱাহাটীত’ ৰাইজিং ষ্টাৰ’ ২০১৮ ৰ বাবে তিনিটা ৰাউণ্ডত কন্ঠ পৰীক্ষা অনুষ্ঠিত হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ পৰা তিনিহাজাৰৰো অধিক প্ৰতিযোগীয়ে ভাগ লোৱা উক্ত কন্ঠ পৰীক্ষাত প্ৰতিযোগিতাত মুম্বাই লৈ নিৰ্বাচিত প্ৰতিযোগী সকলৰ মাজত নলবাৰীৰ অময়াপুৰৰ চয়নিকা বৈশ্যয়ো নিৰ্বাচিত হৈ আমন্ত্ৰণ লাভ কৰে। জানুৱাৰী মাহত অনুষ্ঠিত হব লগা কালাৰ্ছৰ উক্ত অনুষ্ঠানলৈ শিল্পী গৰাকীয়ে অময়াপুৰৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিব । উল্লেখ্য যে ইউনিভাৰ্চিটি অব্ চায়েঞ্চ এণ্ড টেকনলজি স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী চয়নিকা ই হল ইতিমধ্যে হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টেলিভিছন চেনেল এম টি ভি ৰ কালাৰ অব্ ইউথ চিজন 6 ৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিৰ্বাচিত প্ৰতিযোগী। তদুপৰি কন্ঠ শিল্পী গৰাকীয়ে নলবাৰী মহাবিদ্যালয়ৰ 2015 বৰ্ষৰ শ্ৰেষ্ঠ কন্ঠ শিল্পীৰ খিতাপ লাভ কৰিছিল আৰু সেই বৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত গজলা পৰিবেশন কৰি তৃতীয় স্হান লাভ কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*