অসম

কাৰ্বি আংলঙৰ খেৰণি-জেৰিকীনন্দেং পথত পথ অৱৰোধ কাৰ্বি ছাত্র সন্থাৰ

খেৰণি,প্ৰথম খবৰ:পথ অৱৰোধেৰে উত্তাল হ’ল আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি। এটাৰ পিছত আনটোকৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি পুনৰ কাৰ্বি আংলঙৰ কাৰ্বি ছাত্র সন্থাই (চেমচন টেৰণ)ৰ গোটে পথ মেৰামতিৰ দাবীত খেৰণি-জেৰিকীনন্দেং পথত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

সুদীৰ্ঘ বছৰ ধৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি গড়কাপ্তানী বিভাগৰ অধিনত থকা খেৰণি-জেৰিকীনন্দেং পথৰ বিধ্বস্ত ৰূপ প্রত্যক্ষ কৰি কাৰ্বি ছাত্র সন্থাই হাতত ললে এই কাৰ্যসূচী। অৰ্ধশতাধিক ছাত্ৰ একত্রিত হৈ কৰা পথ অৱৰোধৰ সময়ছোৱাত উক্ত পথেৰে চলাচল কৰা সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বাৰণ কৰে ছাত্ৰ সংগঠনটোয়ে। প্রায় দুঘণ্টা ধৰি ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীত উল্লেখিত পথটোত এক যানজঁটৰ সৃষ্টি হয় পথ অৱৰোধৰ ফলত আজি দিনৰ দুপৰীয়াৰ ভাগত।

আনহাতে সমান্তৰালকৈ আকৌ সপ্তাহটোৰ ভিতৰত শুক্ৰবাৰৰ দিনটোত অৰ্থাৎ আজি খেৰণিত অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰতো বস্তু কিনা-বেচাৰ ক্ষেত্ৰত ক্রেতা-বিক্রেতাৰ মাজত এক হাহাকাৰ আৰু সমস্যাৰ সৃষ্টি হয় পথ অৱৰোধ কাৰ্যসূচীৰ বাবে। উল্লেখ্য যে আজি পথ অৱৰোধৰ সময়ত কাৰ্বি ছাত্র সন্থাৰ পথ অৱৰোধকাৰী দলটোয়ে হাতে হাতে প্লে-কাৰ্ড,বেনাৰ,ফেষ্টুন লৈ কাৰ্বি ছাত্ৰ সন্থা দীৰ্ঘজীৱি হওঁক,আমাৰ দাবী পূৰন কৰক,শীঘ্ৰে পথ মেৰামতি কৰক,দুৰ্ভোগ ভুগা ৰাইজক উদ্ধাৰ কৰক আদি শ্লোগানেৰে পথ অৱৰোধ কৰি গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰে অৱৰোধকাৰী দলটোয়ে। আৰু অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলাৰ দাবী কৰে ছাত্ৰ সংগঠনটোয়ে। পথ অৱৰোধৰ সময়ত ছাত্ৰ নেতাগৰাকীয়ে খেৰণি গড়কাপ্তানী বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ অভিযোগ তুলাৰ লগতে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগটোৰ গাফিলতি আৰু অনিহাৰ বাবে আজি বৃহত্তৰ অঞ্চলৰ লক্ষ লক্ষ সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে বুলি কৈ সংগঠনটোৱে নিজৰ ক্ষোভ উজাৰে।

Related Articles

Leave a Reply

Close