শেহতীয়া
Home / অসম / কৃষিয়ে দেশৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাই আহিছে:নলবাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱা 

কৃষিয়ে দেশৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাই আহিছে:নলবাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱা 

প্ৰথম খবৰ,নলবাৰী:নলবাৰী জিলাৰ মৈৰাদঙাৰ পাগলদিয়া পলসুৱা বালিচাপৰিত প্ৰায় ৫০০ বিঘা মাটি সামৰি গঢ় লৈ উঠা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত অাজি এখন কৃষি উদ্যোগী সন্মিলন অনুষ্ঠিত হয়। নলবাৰী স্হানীয় কৰ্মদ্যমী বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুস্ঠিত হোৱা সন্মিলনখনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য  ডঃ কমল মল্ল বুজৰবৰুৱা,কৃষি সঞ্চালক হেমেন ভট্ৰাচাৰ্য্য,জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, জিলা উন্নয়ন অায়ুক্ত নাদিৰা জেছমিন,জিলা অাৰক্ষী অধীক্ষক হেমন্ত ভট্ৰাচাৰ্য্য,জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা,নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডঃ মূদুল ডেকা,নাবাৰ্ডৰ নলবাৰী জিলা প্ৰৱন্ধক দিব্যজোতি বিশ্বাসৰ লগতে  বাকসা,শিৱসাগৰ,চিৰাং,বঙাইগাওঁ,নলবাৰী জিলাৰ কৃষি বিজ্ঞানী সকল, ফাৰ্মখনৰ সদশ্য সকলৰ লগতে বহু সংখ্যক স্হানীয় কূষক উপষ্ঠিত থাকে। ইফালে ধনতোলাস্হিত জ্যোতি ফাৰ্মাছ ক্লাৱত উপষ্হিত হৈ  পংকজ,জয়ন্ত,ৰাতুল,দিনেশ  সহ সদস্যসকলে উৎপাদন কৰা অমিতা,ৰঙালাও,বগৰী,কুঁহিয়াৰ,কল অাদিৰ ফচল সমূহ দেখি  যথেষ্ট অাপ্লুত হয় উপাচাৰ্য্য ডঃ কমল মল্ল বুজৰ বৰুৱাই।

ইফালে স্হানীয় স্বেস্বাসেৱী অনুষ্ঠানত বৰৱৰীৰ গ্ৰাম্য বিকাশ মঞ্চই ৫০হাজাৰ টকাৰ অাৰ্থিক অনুদান অাগবঢ়াই। ইয়াৰ পিছতে জ্যোতি ফাৰ্মাছ ক্লাৱত অাৰু শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত স্হানীয় বিধায়ক অশোক শৰ্মাৰ উপস্হিতিত অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য  ডঃ কমল কুমাৰ বুজৰবৰুৱাই  কৃষি বিভাগৰ পৰা লাভ খাদ্য বস্তুু  মজুত ৰাখিব পৰা গৃহ (পেক হাউছ )এটা মুকলি কৰে। মুকলি কৰা ভাষনত ডঃ বুজৰবৰুৱাই কয় যে কৃষিয়ে দেশৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাই আহিছে। সেয়েহে আমি সকলোৱে কৃষিৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। তদুপৰি কৃষিৰ জৰিয়তে বহুত সংখ্যক নিৱনুৱা স্বাবলম্বী হ’ব পৰাৰ সুযোগ থাকে বুলিও দোহাৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে কৃষিৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট গুৰুত্ব দিছে আৰু আঁচনিও গ্ৰহণ কৰিছে। এই সমূহৰ সুবিধাবোৰ কৃষক ৰাইজে গ্ৰহণ কৰক নীতি-নিয়মৰ মাজেৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*