অসম

কৃষ্ণাইত জোঁৱায়েকৰ আক্ৰমণত শাহুয়েক নিহত, আহত শহুৰসহ ৩

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ : গোৱালপাৰা  জিলাৰ কৃষ্ণাইৰ কাষৰীয়া তথা আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত পাজাবান্ধাত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ জোঁৱায়েকৰ দাৰ ঘাপত নিহত হ’ল নিজ শাহুয়েক ৷ জানিব পৰা মতে , শনিবাৰে  সন্ধিয়া পাজাবান্ধাৰ ৰবিউল ইছলাম(১৮)নামৰ যুৱক জনে ঘৰৰ কাষতে থকা নজমূল ইছলামৰ দোকানলৈ গৈছিল ঘৰুৱা কিছু প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ ৷ সেই সময়তে কিবা কথাক কেন্দ্ৰ কৰি ৰবিউল আৰু নজমূলৰ মাজত প্ৰথমতে তৰ্ক বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ পিছত সেই ঘটনাই মাৰপিটৰ ঘটনালৈ পৰ্যবসিত  হয় আৰু নজমূলে ৰবিউলক অতি নিৰ্দয় ভাবে প্ৰহাৰ কৰে ৷ ইফালে নিজ পুত্ৰৰ আৰ্তনাদ শুনি ৰবিউলৰ মাতৃ নাছিৰণ বিবিয়ে ঘটনাস্থলীলৈ দৌৰি আহি পুত্ৰক ৰক্ষা কৰাৰ চেষ্টা কৰে ৷ পিছে , পূৰ্বৰ পৰাই সুযোগৰ অপেক্ষাত থকা নজমূলে নাছিৰণ বিবিকো অতৰ্কিতে আক্ৰমণ কৰে ৷ নজমূলে মহিলা গৰাকীক দা আৰু লোৰ ৰোডৰ টুকুৰাৰে  আক্ৰমণ কৰি ধৰাশায়ী কৰে ৷ এই খবৰ পোৱা মাত্ৰে নাছিৰণ বিবিৰ গিৰিয়েক নজৰুল হক আৰু বৰ পুত্ৰ কুতুবুদ্দিনো আহি দোকানৰ সন্মুখত উপস্থিত হয় যদিও নজমূলে এদল সমৰ্থকৰ সহযোগত এই পিতা পুত্ৰ দুজনকো প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰে ৷ মুহূৰ্ততে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে এই খবৰ লাভ কৰি আগিয়া আৰক্ষী থানাৰ এদল আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু আহত আটাইকেইজনকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে নাছিৰণ বিবিৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৷ জানিব পৰা মতে , অতি গুৰুতৰ ভাৱে আহত মহিলা গৰাকীয়ে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে হত্যাকাৰী নজমূল ইছলাম  হৈছে নিহত নাছিৰণ বিবিৰ জোঁৱায়েক ৷ জানিব পৰা মতে, নজমূলে নিজ পত্নীক মাৰধৰ কৰি শাহুয়েকৰ ঘৰলৈ খেদি পঠিওৱা ঘটনাক কেন্দ্ৰ কৰি আজি কিছু দিন ধৰি দুয়োটা পৰিয়ালৰ মাজত হাই কাজিয়া চলি আছিল ৷ সন্দেহ কৰা মতে সেই ঘটনাক কেন্দ্ৰ কৰিয়ে কালিৰ এই লোমহৰ্ষক ঘটনাটো সংঘটিত হ’ল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে নিহতৰ পৰিয়ালে আগিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ৷ ঘটনাটোৱে সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Related Articles

Leave a Reply

Close