শেহতীয়া
Home / অসম / কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ: উপস্থিত থাকিব বাংলাদেশ সীমান্তবৰ্তী প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ: উপস্থিত থাকিব বাংলাদেশ সীমান্তবৰ্তী প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৰাওনা হয় কলকাতালৈ৷ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰত বাংলাদেশ সীমান্তবৰ্তী সমস্যাসমূহ সমাধানৰ বাবে আলোচনাত মিলিত হ’ব বাংলাদেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে৷ বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং৷

উক্ত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে এনআৰচি সৰ্ন্দভৰ আসোৱাঁহসমূহৰ সম্পৰ্কেও বাংলাদেশ চৰকাৰৰ মন্ত্ৰীসকলৰ সন্মুখত অবগত কৰিব৷ ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰা প্ৰকাশকলৈও যথেষ্ট আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যত এখন শুদ্ধ এনআৰচি প্ৰকাশ পাব৷ এনআৰচিক লৈ কোনো শংকাৰ প্ৰয়োজন নাই অপপ্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*