ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কয়লা কেলেংকাৰীত গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়া

নিউজ ডেস্ক,প্ৰথম খবৰ:  চি বি আইৰ এখন বিশেষ আদালতত দিয়া ৰায়দানে দোষী সাব্যস্ত কৰিলে কয়লা কেলেংকাৰীত জড়িত হৈ বিভিন্ন অনৈতিক কাৰ্য্য কৰা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়াক। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীজনৰ প্ৰধান সম্পাদক অশোক কুমাৰ বসু আৰু প্ৰাক্তন সচিব এছ্চি গুপ্তাকো দোষী সাব্যস্ত কৰে আৰু অহা ১৪ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে শাস্তিৰ ৰায় প্ৰদান কৰা হব বুলি কয়। ইয়াৰ উপৰিও দুজন লোকসেৱক বিপিন বিহাৰী সিং, বসন্ত কুমাৰ ভট্টাচাৰ্য্যকো ভাৰতীয় দণ্ডবিধিৰ ১২০/৪২০/৪০৯  ধাৰাত দোষী সাব্যস্ত কৰিছে।

উল্লেখযোগ্য যে অনুবীক্ষণ সমিটিৰ অধ্যক্ষ অক্ষয় গুপ্তাই কয়লা দায়িত্বও চাই আছিল কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা কথিতৰূপে কয়লা কেলেংকাৰী লগতে বিভিন্ন দুৰ্নীতিৰ নথি পত্ৰ লুকুৱাই ৰখা বুলি মন্তব্য কৰে। বিজেপী  চৰকাৰৰ দিনত মুখা খোল খোৱা এই ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক স্বনামধন্য আদালতে কি শাস্তি প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close