শেহতীয়া
Home / অসম / খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা

প্ৰথমখবৰ, মংগলদৈ /দেওমৰনৈ:দৰং জিলাৰ দলগাঁৱ বিধান সভা সমষ্টিৰ খাৰুপেটীয়া অসম ক্লাৱত আজি দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা অনুষ্ঠিত হয়। নিবনুৱা শিক্ষিত যুৱক যুৱতী সকলক তিনিমহীয়া বিনামুলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন দিয়া উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা কৌশল মেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হৰিপ্ৰসাদ বৰা,খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকা, খাৰুপেটীয়া টাউন সমিতিৰ চেয়াৰমেন ৰীতামনি দাস, অ’ৰি’য়ন এডুটেক ৰ জয়ন্ত ভট্টাচার্য আৰু লানুজা বৰুৱা,খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সম্পাদক আব্দুল হাকিম লগতে দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ পৰিচালক ইমতিয়াজ আহমেদ,প্ৰশিক্ষক ভাস্কৰজ্যোতি নাথে বক্তব্য আগবঢ়ায়। কৌশল মেলা খনিৰ আঁত ধৰে দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ যদুমণি শৰ্মা আৰু নিৰঞ্জন শইকীয়াই। আজিৰ এই কৌশল মেলাত শতাধিক যুৱক যুৱতী উপস্থিত থাকে। কৌশল মেলাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে ভাষনত কয় যি সকল শিক্ষিত যুৱক যুৱতীয়ে এই বিনামুলীয়াকৈ ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমীকৰন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে সংস্থাপিত হ’বলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*