অসম

খুমটাইত চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ

প্ৰথম খবৰ, খুমটাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাইৰ কচুপথাৰটো সদৌ তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু কছুপথাৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চ্যুকাফা দিৱস দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা ৯ বজাত কচুপথাৰ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা সভাপতি ভৃগুশ্ৰী ফুকনে পতাকা উত্তোলন কৰাৰ লগতে স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰতিচ্ছবিত মাল্যঅৰ্পণ কৰে সমাজকৰ্মী ঘনকান্ত বৰগোহাঁই আৰু চন্দ্ৰ ফুকনে। দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

পুৱা ১০ বজাত সমাজসেৱক মুনিন্দ্ৰ মোহন গগৈয়ে ৰক্তদান শিবিৰ দ্বাৰ উন্মোচন কৰে ।

উল্লেখ যে আজি এই ৰক্তদান শিবিৰত খুমটাই আৰক্ষী চকী আৰু কমাৰগাঁও আৰক্ষী থানাৰ কেইবাজনো আৰক্ষীয়ে ৰক্তদান কৰাৰ উপৰিও ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক সদস্য আৰু বিষয়ববীয়া ৰক্তদান কৰে।

কৰ্ম ব্যস্ততাৰ মাজতো অলপ সময়ৰ বাবে এই মহান কাৰ্যসূচীত ৰক্তদান কৰিবলৈ পায় উৎসাহিত দেখা গ’ল আৰক্ষী লোক সকলক।

আজি চ্যুকাফা দিৱস কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি কাৰ্যকৰী সভাপতি কৃষ্ণ বৰুৱা,সাংগঠনিক সম্পাদক দীপজ্যোতি তামুলী,আঞ্চলিক সমিতিৰ সম্পাদক ভূপেন গগৈ,কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া আৰু ভালেসংখ্যক আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ বিষয়া উপস্থিত থাকে।

Related Articles

Leave a Reply

Close