অসম

খুমটাইত ভূমি হিতাধিকাৰী সকলৰ মাজত ভূমি পট্টা বিতৰণ

খুমটাইৰপৰা চন্দন বৰা প্ৰথম খবৰ : খুমটাই ৰাজহচক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ ভূমি হিতাধিকাৰী সকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। খুমটাই ৰাজহ চক্ৰৰ উদ্যোগত কেপ্টেইন জিন্টু গগৈ স্মাৰক ভৱনত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে। উদ্দেশ্য বাখ্যা দাঙি ধৰে খুমটাই ৰাজহ চক্ৰ বিষয়া ডা মনিকা বৰাই হিতাধিকাৰী সকলৰ মাজত ভূমিপট্ৰা বিতৰণ কৰাৰ লগতে এন আৰ চি সন্দৰ্ভত উৰা বাতৰিত ভূল নাযাবলৈ আহ্বান জনায়। অহা ৩১ ডিচেম্বৰ ভিতৰত প্ৰকাশিত হ’বলগীয়া খচৰাত যি সকলৰ নাম থাকি গৈছে অথবা ভূল হৈছে তেনে ব্যক্তি সকলে এমাহৰ ভিতৰত সংশোধিত কৰা সুবিধা পাব। কোনো কাৰণতেই খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ পৰা বাদ নপৰা কথাও উল্লেখ কৰাৰ লগতে এন আৰ চিৰ বাবে হৈ চৈ নকৰি শান্তিৰ পথেৰে সকলোকে সহযোগতা কামনা কৰিবলৈ আহ্বান জনাই চক্ৰ বিষয়া গৰাকীয়ে।

ভূমিপট্টা বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া,জিলা পৰিষদৰ সভানেত্ৰী হিৰণ্যময়ী বৰা, ডাঃ ৰঞ্জীত কুমাৰ দাস, খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিলন খাটনিয়া উপস্থিত থকা সভাত খুমটাই মৌজাৰ ১৮খন ৰাজহ গাওঁৰ ‍১২৮ গৰাকী ভূমি হিতাধিকাৰীক ভূমি পট্টা বিতৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close