অসম

খোল-তালৰ মংগলিক ধ্বনিৰে মুখৰিত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰি

মানসজ্যোতি মহন্ত,প্ৰথম খবৰ:নগাঁও জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত ধিং চহৰৰ গাতে লাগি থকা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেওফালে ন-পুৰণি সহস্ৰাধিক শিক্ষক ছাত্ৰৰ আজি উখল মাখল পৰিবেশ। সকলোৰে মুখত আজি মাথো বিদ্যালয় খনিৰ জয়গান। কোনোৱে যদি সুঁৱৰিছে সোণোৱালী অতীতক,আন কোনোৱে সপোন দেখিছে অনাগত ভৱিষ্যতক লৈ। ১৯৪০ চনতেই প্ৰতিষ্ঠা লাভ কৰি ,তিনি কুৰি পোন্ধৰচা বসন্ত পাৰ কৰি অহা ঐতিহাসিক বিদ্যালয়খনত আজিৰেপৰা তিনিদিনীয়াকৈ উদযাপিত হৈছে মহাৰজত জয়ন্তী।উক্ত কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ পুৱা ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় খনিৰ বৰ্তমানৰ অধ্যক্ষা দীপিকা বৰাই। ইয়াৰ পিছতেই মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়িকা তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভানেত্ৰী আঙুৰলতা ডেকাই।উক্ত পতাকা উত্তোলনৰ সমসাময়িক ভাবেই বৃহত্তৰ অঞ্চলটিৰ ৭৫ জন বিশিষ্ট ব্যক্তিৰ তথা সমাজকৰ্মীৰ দ্বাৰা উত্তোলিত হয় ৭৫ খন পতাকা।উল্লেখযোগ্য যে স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে প্ৰাক্তন কেবিয়ান আৰু বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা একালৰ শিক্ষা মন্ত্ৰী “গৌতম বৰাই” আৰু ৮৫৫ জন শ্বহীদৰ প্ৰতি শ্রদ্ধা তথা সন্মান জ্ঞাপন কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি “মণি মাধৱ মহন্তই। ইয়াৰ লগে লগেই সমগ্ৰ ধিং চহৰ জুৰি উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। উল্লেখযোগ্য যে আজিৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত বিধায়িকা আঙুৰলতা ডেকাই বিদ্যালয় খনিৰ শৈক্ষিক সামাজিক তথা সাংস্কৃতিক দিশ আদিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও বিদ্যালয়খনৰ  অতীতক সুঁৱৰি বাৰুকৈ আবেগিক হৈ পৰা পৰিলক্ষিত হ’ল। আজিৰ অনুষ্ঠানসমূহৰ লগতে এখনি প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰো উদ্বোধন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিয়লি ২ বজাৰ পৰা “বর্তমান শিক্ষা ব্যৱস্থাত যোগ আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰাসংগিকতা”শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত সঞ্চালকৰ দায়িত্বত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওট,আৰু আলোচকৰ দায়িত্বত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৰ অধ্যাপক ডঃ দয়নন্দ পাঠক,নগাঁও মহাবিদ্যালয় ৰ অধ্যাপক ডঃ চিন্তামণি শৰ্মা,আৰক্ষী সঞ্চালক ডঃ নন্দচিং বৰকলা আৰু নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং। আজিৰ এই সভাতেই উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই “কেবিয়ান”শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close