শীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটদান

নিউজ ডেস্ক,প্ৰথম খবৰ:  দেশৰ বহু চৰ্চিত গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান আৰম্ভ হৈছে। ১৪খন জিলাত ২কোটি ২২লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ৯৩টা সমষ্টিত মুঠ ৮৫১গৰাকীৰ প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য। শাসনাধিষ্ট বিজেপিয়ে ৯৩টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰা বিপৰীতে কংগ্ৰেছে ৯১ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷

আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু শীৰ্ষ নেতাই কৰিব ভোটদান। সবৰমতী সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে সমূহ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা গৈছে৷

Related Articles

Leave a Reply

Close