অসমশীৰ্ষ

গুজৰাট-হিমাচলত বিজেপিৰ বিজয় উল্লাস নামৰূপত কেনেকৈ

প্ৰথম খবৰ, নামৰূপ-১৮ ডিচেম্বৰ: আজি গুজৰাট আৰু হিমাচল প্ৰদেশত বিজেপি দলৰ জয় লাভ কৰা খবৰে নামৰূপৰ বিজেপি কৰ্মী সকলকো উৎসাহিত কৰে। প্ৰবল উল্লাসেৰে আজি সন্ধ্যা বিজেপি কৰ্মী সকলে নামৰূপস্থিত কাৰ্য্যালয় প্ৰাঙ্গনত স্বতঃস্ফূৰ্ত ভাবে একত্ৰিত হৈ শোভাযাত্ৰা উলিয়ায়। শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহন কৰা শোভাযাত্ৰা নামৰূপ সোনাৰী তিনিআলিত অৱস্থান কৰি অনানুষ্ঠানিক ভাবে এখন সভা অনুষ্ঠিত কৰে। সভাত বিজেপিৰ জ্যেষ্ঠ কৰ্মী সুৰেন গগৈয়ে কয় যে ভাৰতৰ চৌবিশ খন ৰাজ্যৰ উনৈছ খন বিজেপিৰ দখলত আহিল। এইয়া বিজেপিৰ জয় নহয় ।ভাৰত ৰ জনতাৰ জয়। ভাৰত ৰ জনতাই বিছাৰে বিকাশৰ ৰাজনীতি। কংগ্ৰেছৰ সত্তৰ বছৰীয়া ৰাজত্বই দেশৰ দৰিদ্ৰ শ্ৰেণীক অধিক দৰিদ্ৰ কৰিলে। শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাই কয় যে এই জয়যাত্ৰাই অনাগত দিনত অসমতো যে বিজেপি য়ে জয়লাভ কৰিব ই নিশ্চিত হৈছে । আজিৰ শোভাযাত্ৰাত নামৰূপ নগৰ সমিতিৰ সভাপতি নিতু সোনোৱাল বুঢ়াগোহাঁই , বিজেপিৰ নামৰূপ পঞ্চায়তৰ  ভব গগৈ, ডিব্ৰুগড় যুৱ মৰ্চাৰ উপ সভাপতি অংকুৰ ফুকন আদি বহুজন বিশিষ্ট বিজেপি কৰ্মী উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close