অসম

গোলকগঞ্জত চৈধ্য দিনেও সন্ধান নোলাল নিৰুদিষ্ট ছাত্ৰৰ

প্ৰথম খবৰ, গোলকগঞ্জঃগোলকগঞ্জৰ বিছনদৈ তৃতীয় খণ্ড গাঁৱৰ কিশোৰ এগৰাকী যোৱা ২১ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি,ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিছনদৈ তৃতীয় খণ্ড গাঁৱৰ নিবাসী অমল শীলৰ পুতেক শীৰেন শীল নামৰ কিশোৰ তথা বিছনদই বি,এন,এম,ই,স্কুলৰ সপ্তমমান শ্ৰেণীৰ স্কুলীয়া ছাত্ৰ এগৰাকী ৰহস্যজনকভাৱে যোৱা ২১ নৱেম্বৰৰ পৰা আজি পৰ্যন্ত সন্ধানহীন হৈ থকাত সংশ্লিষ্ট পৰিয়ালৰ লগতে গাঁওবাসীও চিন্তান্বিত হৈ পৰিছে। শীৰেন শীলে যোৱা একৈশ নৱেম্বৰত নিজ গাঁৱতে ফুৰিবলৈ গৈ নিৰুদ্দেশ হয়। পিছত পৰিয়ালৰ লোকে সকলো ঠাইতে বিচাৰি সন্ধান নোপোৱাত যোৱা ২৯ নৱেম্বৰত গোলকগঞ্জ থানাত ঘটনা সন্দৰ্ভত লিখিতভাৱে জাননী দি কিশোৰ গৰাকীৰ সন্ধান উলিয়াবলৈ আবেদন জনায়। বৰ্তমানলৈ  কিশোৰ গৰাকীৰ একো শুংসূত্ৰ উলিয়াব পৰা নাই যদিও তদন্ত অব্যহত ৰাখিছে আৰক্ষীয়ে৷

পাঁচ ফুট উচ্চতাৰ বগা বৰণৰ কিশোৰ গৰাকীৰ কোনোবাই সন্ধান পালে স্থানীয় আৰক্ষীক তথা 8134091304 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Related Articles

Leave a Reply

Close