শেহতীয়া
Home / অসম / চেঙাত দ্বীনি জলছাহৰ আয়োজন 

চেঙাত দ্বীনি জলছাহৰ আয়োজন 

চেঙাৰ পৰা মইদুল ইছলাম , প্ৰথম খবৰ:
বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাৰ পূৱ আলি পাৰা ওৱাক্তিয়া মছজিদৰ সৌজন্যত মছজিদ প্ৰাংগণত অহা ১৭ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক দ্বীনি জলছাহৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ৯:৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে কাৰ্যসূচী ৰূপায়ণ কৰিব উদীয়মান যুৱ নেতা চফিকুল হকে। আবেলি ১ বজাত কোৰান পাঠ অনুষ্ঠিত হ’ব। কোৰান পাঠ কৰিব চেঙাৰ হাফিজ আজিজুৰ ৰহমানে। আবেলি ১:১০ বজাত অৱসৰপ্ৰাপ্ত ডিডিএছ মজিবৰ ৰহমানৰ সভাপতিত্বত দ্বীনি জলছাহ আৰম্ভ হ’ব।মুখ্য অতিথি হিচাপে উত্তৰ প্ৰদেশৰ ফাইজুল উলুম থানাতিন মাদ্ৰাছাৰ মুদাৰিছ হজৰত মৌলনা হাফিজ ক্বাৰী মহম্মদ উবাইদুল্লা খাঁ, নিৰ্দিষ্ট বক্তা হিচাপে ক্ৰমে উত্তৰ প্ৰদেশৰ ফাইজুল উলুম থানাতিন মাদ্ৰাছাৰ মুদাৰিছ হজৰত মৌলনা মুফতি ছাজিদ চাহাব , সাউকুছি বাদুলীপাৰা হাফিজীয়া মাদ্ৰাছাৰ মুহতামিম হজৰত মৌলনা মুফতি আলহাজ মহিদুল ইছলাম, বিশিষ্ট অতিথি হিচাপে অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক হজৰত মৌলনা ফজলুল কৰিম কাছিমী আৰু আমন্ত্ৰিত অতিথি হিচাপে মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ নজৰুল ইছলাম আৰু আলহাজ মৌলনা শ্বেখ মনোৱাৰ হুছেইন কাছিমী উপস্থিত থাকিব। উল্লেখ্য যে উক্ত জলছাহত উদ্যোক্তাই মহিলাসকলৰ বাবে পৰ্দাৰ ব্যৱস্থা কৰিছে। উক্ত দ্বীনি জলছাহত ধৰ্মানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহায়- সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে তাৰিফুল ইছলাম আৰু জেহেৰুল ইছলামে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*