সভা-সমিতি

চেঙা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

চেঙাৰপৰা মইদুল ইছলাম, প্ৰথম খবৰ: প্ৰয়াত অশোকানন্দ চৌধুৰী সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন, চেঙাৰ ৰূপালী জয়ন্তী বৰ্ষ-২০১৮ উদযাপন উপলখ্যে প্ৰস্তুতি সম্পন্ন হৈ উঠিছে৷ গিৰিজা দেৱশৰ্মাক সভাপতি আৰু ৰোহিনী কুমাৰ দাসক লৈ গঠিত ৰূপালী জয়ন্তী উদযাপন সমিতিয়ে জুগুত কৰি উলিওৱা অনুক্ৰমণিকা অনুসৰি ৬ জানুৱাৰীৰ প্ৰত্যুষত পতাকা উত্তোলনেৰে উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হ’ব৷

বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে উদ্বোধন কৰিব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ৷ বিয়লি ২ বজাৰপৰা অনুষ্ঠিতব্য উদ্বোধনী সভাত বিশিষ্ট অতিথি, মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ক্ৰমে বিদ্যালয়সমূহৰ পৰিদৰ্শক, বৰপেটা জিলা পৰিমণ্ডলৰ জ্যোৎস্না ৰাণী বৰ্মন, বি এইচ কলেজৰ অৱশৰ প্ৰাপ্ত অধ্যাপক ৰাম অৱতাৰ মাহেশ্বৰী, মধ্য কামৰূপ কলেজ, শুভা(চেঙা)ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ ফণীধৰ অধিকাৰী, শিশু শিক্ষা সমিতি অসমৰ উপদেষ্টা ডঃ দয়ানন্দ পাঠক আৰু মধ্য কামৰূপ কলেজ শুভা, চেঙাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ হৰেন্দ্ৰ নাথ তালুকদাৰে৷

সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজী প্ৰদৰ্শন, দলীয় নৃত্য আৰু বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই উদ্বোধন কৰিবলগীয়া সংগীত-নাটক একাডেমিৰ “অংকীয়া ভাওনা”ৰে দিনটোৰ কাৰ্যসূচীৰ অন্ত পৰিব৷ উদ্বোধনী অনুষ্ঠানৰ শেষ দিন ৭ জানুৱাৰীৰ প্ৰত্যুষত বৃক্ষ ৰোপণৰ পাছত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰিব নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীৱ দেৱ বায়নে৷ দিনৰ ভাগত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা সত্যেন্দ্ৰ নাথ পাঠকে উদ্বোধন কৰিবলগীয়া ন-পুৰণি সতীৰ্থ সন্মিলন আৰু মুকলি চ’ৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাসে৷

সিদিনা সন্ধিয়া সাধনা কথক নৃত্য কেন্দ্ৰ, গুৱাহাটীৰ অধ্যক্ষ অলি গুঞ্জন কলিতা মুদিয়াৰ কথক নৃত্যৰ পাছত নিশা স্থানীয় তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে উদ্বোধন কৰিব নিকেতনৰ আচাৰ্য-আচাৰ্যা, প্ৰাক্তন শিক্ষাৰ্থী আৰু স্থানীয় নবীন-প্ৰবীণ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া এখন সামাজিক নাটকৰ৷ উল্লেখযোগ্য যে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানত এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাব৷ এই আপাহতে স্মৃতি গ্ৰন্থ উপ সমিতিৰ সম্পাদক দিলীপ বৰ্মাই বিভিন্ন বিষয়ক লেখা ইচ্ছুক লিখকৰ পৰা বিচাৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close