শেহতীয়া
Home / অসম / চেঙা ৰাজহ চক্ৰৰ সমীপত কৰ্মৰত শিশু শ্ৰমিক

চেঙা ৰাজহ চক্ৰৰ সমীপত কৰ্মৰত শিশু শ্ৰমিক

চেঙাৰ মইদুল ইছলাম প্ৰথম খবৰ: কাৰ্যত অসাৰ হৈ পৰিছে শিশুৰ শিক্ষাৰ অধিকাৰ আৰু শ্ৰমিক আইন। পখিলা ধৰা সময়তে এচাম শিশুৱে মূৰ পাতি ল’বলগীয়া হৈছে শ্ৰমৰ বোজা। নীৰৱ প্ৰশাসন, দল-সংগঠন। বৰপেটা জিলাৰ বৃহত্তৰ চেঙা অঞ্চলৰ বিভিন্ন ঠাইত শিশু শ্ৰমিকৰ পয়োভৰৰ বিষয়টোৱে সচেতন মহলক উদ্বিগ্ন কৰি ৰখাৰ সময়তে চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠান মধ্য কামৰূপ মহাবিদ্যালয়ৰ নিচেই কাষতে থকা এম বি আই মাৰ্কা ইটা ভাতীটোৰ লগতে কিছু কাষৰ জি বি আই মাৰ্কা ইটা ভাতীত এজাক কণমানী শিশুৰ ওপৰত জাপি দিয়া হৈছে শ্ৰমৰ বোজা। প্ৰশাসনৰ চকুৰ সন্মুখতে মালিক তথা এচাম নিৰক্ষৰ অভিভাৱকে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি কাৰ্যতঃ শিশু শ্ৰমিক আইনকো অংগুষ্ঠ দেখুৱাই আছে । “আজিৰ নাগৰিক কাইলৈৰ ভবিষ্যত” বাক্যশাৰীৰৰ বাবে শিশুসকলক সু-নাগৰিক হিচাবে গঢ় দিয়াটো সমাজৰ দায়িত্ব । প্ৰশাসন আৰু শিক্ষানুষ্ঠানৰ সমীপতে শিশু শ্ৰমিকৰ পয়োভৰ ছবিখনে নিশ্চতভাবে সচেতন মহলক ভবাই তুলিছে। ধোঁৱাচাঙত উঠিল নেকি শিশুৰ শিক্ষাৰ অধিকাৰ আইন ? চেঙা অঞ্চলৰ কিছুমান ইটা ভাতী, হোটেল-ৰেষ্টোৰা আদিকে ধৰি বিভিন্ন কৰ্মক্ষেত্ৰত অদ্যপি বহু শিশুৱে শ্ৰমৰ বোজা বহন কৰি থকা বুলি সচেতন মহলে দাবী কৰি শীঘ্ৰে শিশু শ্ৰমিকৰ বিষয়টোত বিভাগীয় কৰ্তৃপক্ষৰ বলিষ্ঠ পদক্ষেপ বিচাৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*