অসম

ছৈখোৱাৰ বগৰীবাৰীত সাংবাদিকৰ সৈতে ৰাইজ মেল:অনাময় আচনিয়েও ঢুকি নোপোৱা ৰাইজৰ মৰ্মবেদনা শুনালে সাংবাদিকক

প্ৰথম খবৰ,তালাপ:তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আজি সাংবাদিকৰ সৈতে অঞ্চলটোৰ ৰাইজৰ এক মুখামুখি অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানটোৰ উদ্যোগ লয় উপৰ লাউপানী-বগৰীবাৰী বান-গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই। এই উদ্দেশ্যৰে শিক্ষক জামান সিং চেত্ৰীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ৰঞ্জিত চাংমায়ে। বৃহৎ অঞ্চলটোৰ প্ৰায় ৫/৬ খন মান গাৱঁৰ ৰাইজৰ লগতে একাধিক সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সভাত স্বাধীনতাৰ ৭০ বছৰ পাছটো এই অঞ্চলটোৱে উন্নয়নৰ মুখ নেদেখাৰ কথা ৰাইজে সাংবাদিক সকলৰ আগত সবিষ্টাৰে বৰ্ণনা কৰে। বাট পথ,বিজুলী যোগান,খোৱা পানী,স্বাস্থ্য সেৱা আদি প্ৰাথমিক সা-সুবিধাখিনিৰ পৰাও বঞ্চিত অঞ্চলটোৰ ৰাইজৰ বাবে ন-দিহিং নৈলৈ মেজেৰা সুতিৰে ব্ৰহ্মপুত্ৰৰ জলধাৰা সোমাই অহাটো সম্প্ৰতি প্ৰধান সমস্যা ৰূপে থিয় দিছে। এই সুঁতিৰে সোমাই অহা ব্ৰহ্মপুত্ৰৰ সোতে ন-দিহিং নৈৰ সোতৰ দিশ সলনি কৰি অঞ্চলটোত তীব্র গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলটোলৈ ভাবুকি মাতি আনিছে। এইদৰেই অঞ্চলটোত গৰাখহনীয়া হৈ থাকিবলৈ হ’লে নৈখনে ডঃ ভূপেন হাজৰিকা সেতুৰ দক্ষিণ দিশটোত বিষ্টৰ ক্ষতি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

অঞ্চলটোত অনাময় আঁচনিয়ে এতিয়াও ঢুকি নোপোৱাকৈ থকাটো আচৰ্যজনক। আজিলৈকে উপ স্বাস্থ্য কেন্দ্ৰ এটাও নথকা অঞ্চলটোত খোৱা পানীৰ সমস্যাও বিদ্যমান। শিক্ষাৰ বিকাশৰ ক্ষেত্ৰটো কৃপনালী কৰা চৰকাৰখনে কৃষিজীৱী ৰাইজক কৃষি ক্ষেত্ৰত সা-সুবিধা প্ৰদান কৰা নাই। সেয়ে সৰ্বদিশে বঞ্চিত ৰাইজে গণ আন্দোলনৰ জৰিয়তে চৰকাৰী সা-সুবিধা আজুৰি অনাৰ বাবে প্ৰস্তুতি চলোৱাৰ বিষয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close