আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

জলবিমানেৰে সম্ভৱপৰ হ’ব দিল্লী আগ্ৰা যাত্ৰা, মুম্বাইত সফল পৰীক্ষণ

নিউজ ডেস্ক, প্ৰথম খবৰ: জলবিমানেৰে সম্ভৱপৰ হৈ উঠিব দিল্লী আগ্ৰা যাত্ৰা। জনপ্ৰিয় কমখৰচী বিমান কোম্পানী স্পাইচজেটে মুম্বাইৰ গিৰগাওঁ অঞ্চলত এক সফল পৰীক্ষণৰ জৰিয়তে এই কথা সদৰি কৰে৷

উল্লেখ্য যে, এই বিমান পানী আৰু বতাহ দুয়োটাতে চলিব। এই পৰীক্ষণ জাপানৰ সেটোচী হোল্ডীঙৰ সহায়ত কৰা হৈছে বুলি জনপ্ৰিয় বিমান কোম্পানীটোৱে জানিবলৈ দিছে। প্ৰথম ছয় মাহ বিমানখনত দহৰ পৰা বাৰটাহে বহা আসনৰ ব্যৱস্থা কৰা হৈছে। বিমান কোম্পানী স্পাইচজেটৰ লক্ষ্য হৈছে দেশৰ ডাঙৰ চহৰবোৰৰ সমান্তৰালকৈ সৰু চহৰবোৰতো এই সেৱা উপলব্ধ কৰা। আগন্তুক সময়ত ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ ক্ষেত্রতো এই ব্যৱস্থা কাৰ্য্যকৰী হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এই সেৱাৰ জৰিয়তে যমুনা নদীৰে পৰ্য্যটকে দিল্লী আগ্ৰা ভ্ৰমণৰ আমেজ ল’ব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close