অসমশীৰ্ষ

জলসিঞ্চন বিভাগৰ ১২২ জন কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ বিতৰণ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শুক্ৰবাৰে অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ,দিছপুৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ১২২ জন কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷
অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,অসমৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জীত দত্ত প্ৰমুখ্যে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্ঠা শান্তনু ভৰালী , জলসিঞ্চন বিভাগৰ সচিব লোহিত চন্দ্ৰ পাঠক, প্ৰধান সচিব হেমন্ত নাৰ্জাৰী আৰু মুখ্য অভিযন্তা মহেন্দ্ৰ মোহন বড়ো৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে নতুনকৈ নিযুক্তি দিয়া এইসকল অভিযন্তাক সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি দিয়া হৈছে আৰু এইসকল অভিযন্তাই যাতে কেৱল নিজৰ দায়িত্বতে অটল নাথাকি কৃষকসকলকো খেতিৰ বাবে উৎসাহ প্ৰদান কৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে এ পি এচ চিৰ প্ৰসংগ উল্লেখ কৰি সকলোকে দূৰ্নীতিৰ পৰা আঁতৰি থাকি কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে আন্তঃগাঁথনি  উন্নত আৰু ব্যৱসায়িক ক্ষেত্ৰখনক চহকী কৰাৰ লক্ষ্যৰে গুৱাহাটীত দুটা ৬৫ মহলীয়া অট্টালিকা নিৰ্মাণেৰে অসমক দক্ষিণ-পূৱ এচিয়াৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ কথা উল্লেখ কৰে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে ব্ৰক্ষ্মপুত্ৰৰ পানী সম্পৰ্কতো কয় যে এই নদীৰ পানী খোৱাৰ অনুপযোগী হৈছে বুলি অৰুণাচল চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিংক কথাষাৰ অৱগত কৰিছে আৰু ভাৰত চৰকাৰে এই বিষয়ে যাতে তৎকালে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰক আহ্বান জনায়৷

Related Articles

Leave a Reply

Close