অসমবিনোদন

জানুৱাৰী’১৮ত মুক্তি পাব নতুন অসমীয়া বোলছবি “শৈশৱতে ধেমালিতে”

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ:শিশুৰ মনস্তাত্বিক দিশৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা অসমীয়া বোলছবি ‘শৈশৱতে ধেমালিতে’ মুক্তি পাব আগন্তুক জানুৱাৰী মাহত। বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰত বিদ্যুত কটকীৰ ছবিখনৰ গীতকেইটা মুক্তি দিয়া হয়। আৰ. জে মেঘাই আঁত ধৰা এই অনুষ্ঠানটোত উপস্থিত থাকে ছবিখনৰ পৰিচালক বিদ্যুত কটকী,ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত গীতিকাৰ তথা সুৰকাৰ অনুৰাগ শইকীয়া, পৰাণ বৰকটকী(জ’জ’),নাট্যকাৰ ৰাজদ্বীপৰ লগতে বহুকেইজন সংস্কৃতিপ্ৰেমী।

উল্লেখযোগ্য যে,ছোনী মিউজিক আৰু ধ্বনি ৰেকৰ্ডৰ সহযোগত গীতকেইটা ৰেকৰ্ড আৰু প্ৰচাৰ কৰা হৈছে। ছোনী মিউজিকে মুক্তি দিয়া প্ৰথমটো অসমীয়া ছবিৰ এলবামেই হৈছে ‘শৈশৱতে ধেমালিতে’। পৃথিৱীৰ শ্ৰেষ্ঠ ৫০ টা প্লেটফৰ্মত উপলব্ধ হ’ব এই ছবিখনৰ গীত। এই ছবিখনত অভিনয় কৰিছে নিপন গোস্বামী,নকুল দেৱ,নিকুমণি বৰুৱা, দীপান্বিতা শৰ্মা,নাভেদৰ লগতে বহুকেইজন জনপ্ৰিয় অভিনেতাই।

ছবিখনক লৈ যথেষ্ট আশাবাদী পৰিচালকৰ লগতে কলা-কুশলীসকলো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close