শীৰ্ষসাহিত্য

জীৱনৰ আনন্দ (এক)

কুমুদ দাস

তেতিয়া আমি তেনেই সৰু৷ পাঠশালা স্কুলৰ তৃতীয় কি চতুৰ্থ মানত পঢ়ো৷ ঘৰৰ পৰা আধা কিল’মিটাৰমান নিলগত আমাৰ খেতিপথাৰ৷ পথাৰতে দুটা সৰু সৰু খাল আছে৷ ধাননিৰ মাজৰ সৰু খাল দুটাত বাৰিষা পানী জমা হয়৷ আমি অকলে খাল দুটাত মাছ ধৰিবলৈ যোৱাৰ অনুমতি নাই৷ কেতিয়াবা গ’লেও দেউতা বা খুৰাহতৰ লগত জাকৈ-খালৈহে ধৰিব দিয়ে৷ এম ই স্কুলত নোযোৱালৈকে ঘৰৰ পুখুৰীটো মাছ মৰাৰ সময়ত নামিব নিদিয়ে৷ দেউতাৰ ৰঙা চকু৷ লেতেৰা পানীত নামিব নোৱাৰি৷ কিন্তু মাছ ধৰাটো যে বৰ বীৰত্বপূৰ্ণ কাম, সেইটো তেতিয়াই আমাৰ মনত লাগি থাকে৷ যেতিয়া ধাননি পথাৰৰ সৰু খাল দুটাৰ পানী সিয়নীৰে সিঁচি আধা শেষ হ’বলৈ লয়, তেতিয়া যেন মাছৰ উজান উঠে৷ গৰৈ, ছেঙেলী, মাগুৰ, পুঠি, খলিহনা সকলোবোৰ জপিয়াই থাকে৷ দেখিলেই নামি ধৰোগৈ নিচিনা লাগে৷ অলপ ডাঙৰ হোৱাত সেই মাছ ধৰাৰ আনন্দ পাম বুলি অপেক্ষা কৰি আছিলো৷ কিন্তু ঘৰৰ পৰা মাছ ধৰা সজুলি লৈ পথাৰলৈ অহাৰ সুযোগেই উলিয়াব পৰা নাছিলো৷ দেউতা চৰকাৰী কামত ওলাই যোৱাৰ সুযোগ বুজি এদিন নে দুদিন চেষ্টা দিছিলো৷ কিন্তু কোনো এদিন খাল, বিল ক’তোৱেই মাছ নাপাওঁ৷ নিজে পানীত নামি মাছ গোটাব পৰা সুবিধা নোলায়হে নোলায়৷ আমাৰ গাঁৱত অৱশ্যে নদী নাই৷ কিন্তু গাঁৱৰ ওচৰে পাজৰে বহু খাল, বিল আছে৷ প্ৰায়ে জাল-জুলুকী লৈ দেউতা বা খুৰাহতে মাছ মাৰিবলৈ যাওতে আমাক খালৈ ধৰিবলৈ লগত লৈ যায়৷ কিন্তু পানীত নমাৰ সুযোগ খুব কম৷ গতিকে, শৈশৱত মাছ ধৰা বা পানীত নামি মাছ ধৰা কথাতো কিবা কলিতে মৰহি যোৱা আশা যেন হৈ ৰৈ গ’ল৷ গাঁৱত আমাৰ কাণ সমণীয়া সকলোৱে গৰমৰ বন্ধত বৰশী বাবলৈ যায়৷ মাছো পায়, কিন্তু আমি, মানে মই বৰশী লৈ মাছ ধৰিবলৈ গ’লেও সন্ধিয়ালৈ ঘৰত দেউতাৰ আদালত বহি যায়৷ কেতিয়াবা চুৰকৈ বৰশী বাবলৈ যোৱাৰ সুযোগ পালেও বৰশীত মাছ নালাগে৷ মোৰ লগতে বৰশী বাই থকা সকলোৱে গৰৈ, চেঙেলী এহালিচা পায়, মই কাণ ডৰিকণা এটাও নাপাওঁ৷ বৰশী বাই কোনোদিনে ভাল অভিজ্ঞতা নহ’ল, সঁচা কও, মাছ নাপালো৷ বৰশী বাই পুঠি-খলিহনা এটাও নাপালো৷ এতিয়াও বৰশী বাবলৈ গৈ বৰশীৰ পুঙটো চাই চাই হামিয়াই থাকো, টোপনিয়ে হেঁচা মাৰি ধৰে৷ গতিকে, কোনোবাই বৰকৈ বৰশী বাবলৈ লগ ধৰিলেও কোনো উৎসাহবোধ নকৰো৷ কোনোবাই কাষতে বৰশী বাই থাকিলেও টোপনিৰ ভাৱ এটা আহি যায়৷ মাছ ধৰাত মই এক বিফল মানুহ৷ গাঁৱৰ কাণ সমণীয়া সকলোৱে মোক হাঁহে, মোতকৈ সৰুবোৰেও বৰশীত আধাঘণ্টাতে খালৈ পূৰাই বীৰদৰ্পে ঘৰমুৱা হয়৷ মই ব্যৰ্থতাৰ বোজা কঢ়িয়াই ফুৰো৷ কিন্তু এদিন মই মাছ পালো, তাকো কোনো মাছ ধৰা সজুলি নোহোৱাকৈ৷ পূৰাপূৰি আমাৰ দহ-বাৰজনীয়া যৌথ পৰিয়ালটোৱে দুসাজমান খাব পৰাকৈ৷ মই মাছ পোৱা কাহিনীটো কাকোৱেই কোৱা নাই আজিলৈ৷ কেনেকৈনো প্ৰায় আধা কিল’গ্ৰামমান জীয়া মাছ হাতেৰে ধৰি আনিলো, সেই ৰহস্যটো আজি ক’ব খুজিছো৷ আচলতে, বৰশী বাই মই কিয় মাছ নাপাও, তাৰ কাৰণটো এতিয়া বুজি পাইছো৷ দেখাত মই তেনেই শান্ত শিষ্ট মানুহ৷ মোক দেখিলে ৰাজ্যৰ ভিতৰতে ধৈৰ্যশীল মানুহৰ দহজনৰ এজন বুলি মানুহে ভাবে৷ কিন্তু যিটো আচলতে মোৰ এক আৱৰণহে৷ মনত ভিতৰি হাজাৰটা ধুমুহা বলি থাকিলেও মোৰ কাষত থকাসকলে তাৰ উমান নাপায়৷ একেটা কামকে একে লেথাৰিয়ে কৰি থকাটোও মোৰ কাৰণে আমনিদায়ক হৈ পৰে, গতিকে, বৰশীত মাছ লগাৰ পূৰ্বেই ধৈৰ্যচ্যুতি ঘটে৷ গতিকে, উভৈনদী মাছ থাকিলেও মই মাছ নাপাও৷ কিন্তু এদিন যে মাছ পালো, সেই কাহিনীটো অৱশ্যেই আজি কম৷ সৰুৰে পৰাই মাছৰ প্ৰতি মোৰ বিৰাট কৌতুহল৷ শীত কালত মাছবোৰ ক’ত লুকায় থাকে? বাৰিষাৰ প্ৰথমজাক বৰষুণ আহোতেই ক’ৰ পৰা আহে গৰৈ চেঙেলীবোৰ? শৈশৱত মোৰ সৰু মগজুৱেটোৱে ঢুকি নাপায় মাছৰ বংশবৃদ্ধিৰ কাহিনীবোৰ৷ এতিয়াও অলপ খোকোজা আছেই৷ যেতিয়া বাৰিষা পথাৰত মাছ উভৈনদী হৈ থাকে, তেতিয়াও খাল বিলত মাছবোৰে পানী শুকুৱাৰ পিছত লুকাব পৰা ঠাই ক’ৰবাত থাকে নেকি পিতপিতাই চাই ফুৰো৷ কৈশোৰ পোৱালৈকে মনে মনে সদায় ভাবি থাকো, বেটাহত পানীতহে ৰজা, এটাকো ধৰিব নোৱাৰো, পানী শুকালে ক’ত যাবি? পানী শুকালে এটা এটাকৈ ধৰি লৈ আনিম৷ পানী শুকোৱা সময়লৈ অপেক্ষা কৰি দুই তিনিটা বছৰ পাৰ হৈ যায়৷ পানী শুকোৱাৰ আগেয়ে দেখোন মাছবোৰো নোহোৱা হৈ যায়৷ তথাপিও শৰৎকাল অহাৰ পূৰ্বে ঘৰৰ কাষৰ খাল ডোঙবোৰ চাই ফুৰো৷ ক’ৰবাত অলপ পানীত দুই এটা মাছ থাকেই কিজানি৷ নাই, পানী শুকাবলৈ লোৱা সময়তো মাছ নাপাও মই৷ হতাশ হৈ পৰো৷ তেতিয়া মাজে মাজে ভাবিছিলো, বৰষুণৰ লগত মাছবোৰ আকাশৰ পৰা সৰি পৰে কিজানি৷ আকাশত ক’ৰবাত চাগে মাছৰ বৃহৎ ভাণ্ডাৰ আছে৷ কিন্তু সেই সুৱৰ্ণ সুযোগটো আহিল, মই মাছ পালো৷ সিদিনা কিন্তু মাছ বিচাৰি যোৱা নাছিলো মই৷ ৷ তেতিয়া মই সপ্তম মানৰ বৃত্তি পৰীক্ষাৰ বাবে সাজু হৈছো৷ দুপৰীয়াৰ সময়৷ আমাৰ ঘৰৰ কাষৰে ধাননিডৰাত এহাল গৰুৱে দুখ লগাই এফালৰ পৰা খাই গৈছিল সেউজীয়া হৈ উঠা কঠিয়াবোৰ৷ পথাৰত কঠিয়া সিঁচি থৈ অহা এমাহো হোৱা নাছিল৷ গতিকে, কাষৰ ঘৰৰে কোনোবা এটাই বাটৰ পৰাই চিঞৰি থৈ গ’ল৷ পথাৰৰ সজাল ধৰা ধাননিডৰা খাই থকা গৰুহাল খেদি আহিবলৈ৷ সেই সময়ত পথাৰত গৰু খেদাবলৈ যাব পৰাকৈ ঘৰত কোনো মানুহ নাই৷ নাই মানে, সেই সময়ত বীৰ পুৰুষ ময়েই৷ দেউতাও নাই, খুৰাহতো নাই৷ মা ভাত ৰন্ধাত ব্যস্ত৷ গৰু খেদাটো মোৰেই কাম বুলি এচাৰি এডাল লৈ পথাৰলৈ লৰ মাৰিলো৷ মোৰ পিন্ধনত হাফপেণ্ট আৰু চাৰ্ট৷ গৈ দেখিলো, গৰুহালে ধান খাই পথাৰৰ একেবাৰে সোঁমাজত অৱস্থান কৰিছে৷ পথাৰত ননমাকৈ ৰাস্তাৰ পৰাই চিঞৰিলো৷ অ’ই গৰু, যা যা ধান নেখাবি৷ পথাৰত পানী নাই, অলপ বোকা আছে৷ নামি যোৱাৰ বৰ এটা ইচ্ছা নাছিল৷ চাৰি পাঁচ মিনিট চিঞৰাৰ পিছতো ধান খাই থকা গৰুহালে মোলৈ ঘূৰিকে নাচালে৷ উপায় নাই৷ এচাৰিডাল লৈ বোকাময় পথাৰত নামি দিলো৷ গৰুহালৰ ওচৰ পাওগৈ মানে পথাৰৰ পৰা পলাই পত্ৰং দিলে গৰুহালে৷ বহু দূৰলৈ গুছি যোৱা গৰুহাললৈ চাই পথাৰৰ পৰা উলটিবলৈ লওতেহে চকুত পৰিল পথাৰৰ বোকাত৷ ধানৰ মাজে মাজে বোকাত লুটুৰি পুটুৰি হৈ কেইবাটাও গৰৈ চেঙেলী ধৰফৰাই আছে৷ মোক আৰু পায় কোনে? এচাৰি দলিয়াই দিলো৷ প্ৰথমে চাৰি পাঁচটামান গৰৈ আৰু চেঙেলী পেণ্টৰ জেপত ভৰালো৷ তাৰ পিছত দেখিলো, কণমানি হাফপেণ্টটোৰ দুখন পকেট ভৰ্তি৷ ঘৰলৈ গৈ খালৈ বা বাল্টি আনিব গ’লেও কোনোবাই এই মাছ দেখিলে লৈ যাব৷ মই আৰু এটাও নাপাম৷ গতিকে, পলম নকৰিলো৷ চাৰ্ট খুলি চাৰ্টটোৰ হাতদুখন বান্ধি পাৰ্যমানে মাছ ধৰিলো৷ প্ৰায় আধা কিলোমান মাছ চাৰ্টত বান্ধি লৈ বীৰদৰ্পে ঘৰমুৱা হ’লো৷ গাঁৱৰ কোনো মানুহে ৰাস্তাত মোক পাট্টাই নিদিলে৷ ঘৰ পাই হিচাপ কৰিলো- পোন্ধৰ-ষোল্লটামান মজলীয়া আকৃতিৰ গৰৈ চেঙেলী৷ আজিও তেনেকৈ মাছ ধৰা কাহিনীটো কেতিয়াবা মনত পৰে৷ পথাৰখনত মাছবোৰ কেনেকৈ সিঁচৰিত হৈ আছিল, সেই দৃশ্যটো মনত আছে ভালকৈ৷ কিন্তু মাছ আনি ঘৰত কেনেকৈ খালো অলপো মনত নাই৷ মাছ ধৰা কাৰণে গালি খাইছিলো নে নাই, সেইটোও মনত নাই৷ খোৱাতকৈ মাছ ধৰাটোৱে চাগে বেছি আনন্দৰ কথা৷ সেই কাৰণে মাছ ধৰা কথাটোহে ভালকৈ মনত আছে৷

( প্ৰতি সপ্তাহত প্ৰথম খবৰত প্ৰকাশ পাব সাংবাদিক কুমুদ দাসৰ ধাৰাবাহিক লেখা ‘জীৱনৰ আনন্দ- বিভাগীয় সম্পাদক)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close