শেহতীয়া
Home / শীৰ্ষ / জীৱনৰ আনন্দ (দুই): কিমান বয়স হ’লে মানুহ সফল হ’ব পাৰে?

জীৱনৰ আনন্দ (দুই): কিমান বয়স হ’লে মানুহ সফল হ’ব পাৰে?

কুমুদ দাস

প্ৰায়ে মোৰ মনলৈ অহা এটা প্ৰশ্ন- কিমান বয়সত সফল হয় মানুহ? কিমান সফল হ’লে মানুহক সফল বুলি ক’ব পাৰি? সফল হোৱাৰ মাপকাঠিডাল ক’ত? অমুক এজন ছাক্সেচফুল লয়াৰ৷ অমুক এজন ছাক্সেছফুল ছিংগাৰ৷ অমুক এজন সাংঘাটিক সফল মানুহ৷ কোনে কি হিচাপ কৰি মানুহক সফল বুলি কয় সেই প্ৰশ্নটোৰ সঠিক উত্তৰ পোৱাটো বৰ টান৷ মানে আজিলৈ মই পোৱা নাই৷

বাহ্যিক দৃষ্টিত বহু মানুহক সফল যেন লাগে৷ তেওঁৰ কাষ চাপি যোৱাৰ পিছত গম পোৱা যায়, তেওঁ আচলতে বিফলতাৰ দলিল এখন লৈ ঘূৰি ফুৰা মানুহ৷ সফলতা-বিফলতাৰ হিচাপ নকৰাকৈ জীৱন যাত্ৰা পথত সুখী হোৱা বহু মানুহ মই লগ পাইছো৷ আচলতে আমি যিবোৰ মানুহক সফল বুলি কওঁ, তেওঁলোক সুখী হ’বই লাগিব বুলি কোনো কথা নাই৷ সফল হ’লেই সুখী নহ’বও পাৰে৷

সফল মানুহ মানেই অগাধ ধন সম্পদৰ গৰাকী হ’ব লাগিব বুলিও ধৰাবন্ধা নিয়ম নাই৷ তথাপি কিছুমান মানুহক আমি সফল বুলি কওঁ৷ বাহ্যিক দৃষ্টিতে কাহানিও লগ নোপোৱা একোজন মানুহকো আমি সফল আখ্যা দিও৷ তেনে মানুহে হয়তো নিজেই গমেই নাপায় আমি তেওঁলোকক সফল মানুহৰ তালিকাত ৰাখিছো৷

বহুবাৰ ব্যক্তিগত জীৱনত সফলতা-বিফলতাৰ মুখামুখি হৈছো৷ মানে মানুহে কোৱা সফল ব্যক্তিৰ তালিকাত আজিৰ তাৰিখত মোৰ নাম হয়তো নাই৷ কিন্তু স্কুলীয়া দিনত মই শ্ৰেণীৰ প্ৰথম ছাত্ৰ আছিলো৷ তেতিয়া মোক সফল ছাত্ৰ হিচাপেই ঈৰ্ষাও হয়তো কৰিছিল কোনো কোনোৱে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কথাটোত তেতিয়াৰ দিনত আমাৰ গাঁৱত সফল ছাত্ৰৰূপে পৰিগণিত হোৱাৰ কথা আছিল৷ কিন্তু মানুহৰ জীৱনৰ ওপৰত কৰা অধ্যয়নৰ মাজেদি আমি উপলব্ধ কৰা সত্যটো হ’ল-সফলতা-বিফলতাৰ সংজ্ঞাটো জীৱনৰ ঢাপে ঢাপে সলনি হৈ থাকে৷ স্কুলীয়া দিনত শ্ৰেণীৰ প্ৰথম ছাত্ৰ হোৱাটোৱে যিদৰে সফলতা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ দিনত প্ৰথম বিভাগ পোৱাটোও আছিল সফলতা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত আমি ভাল শিক্ষানুষ্ঠানত আসন পোৱা কথাটোও অভিভাৱকৰ দৃষ্টিত সফলতা বা বিফলতাৰ উদাহৰণ৷ আনহাতে, উচ্চতৰ মাধ্যমিকৰ পিছত বিজ্ঞান শাখাত পঢ়িলে মেডিকেল বা ইঞ্জিনিয়াৰিঙত ছিট পোৱাটোও সফলতা বুলিয়ে ধৰে৷ ডাক্তৰী পঢ়িবলৈ ছিট পালে আকৌ বিশেষজ্ঞ চিকিৎসক হ’লো নে নাই, ইঞ্জিনিয়াৰ হ’লে কি বিষয়ত ইঞ্জিনিয়াৰিং পঢ়িলো৷ এম টেক পঢ়িবলৈ পাম নে নাই, এইবোৰক লৈও সফল বিফল হিচাপ নিকাচ চলিয়ে থাকে৷ গতিকে, একে আষাৰত পঢ়া জীৱনত সফল হোৱাৰ সুখটো তেনেই ক্ষন্তেকীয়া৷

এটা ঢাপত সফল হোৱাৰ পিছতেই পৰৱৰ্তী ঢাপত বিফল হোৱাৰ দুঃচিন্তাই বহুতকে খুলি খুলি খায়৷ গতিকে, পঢ়া দিনত সফল হ’লো বুলি মই আজিলৈকে সফল হ’লো বুলি ভাবিব নোৱাৰিলো৷ এইটো কেৱল মোৰ জীৱনৰ কথা নহয়, সফলতা-বিফলতাৰ হিচাপটো প্ৰতিজন মানুহৰ জীৱনত চলিয়ে থাকে৷

মোৰ দেউতাই সাধাৰণ চৰকাৰী চাকৰি এটা কৰি বেছ কিছুবছৰ আগেয়ে অৱসৰ ল’লে৷ বাহিৰা টকাৰ ধান্দা নকৰা বাবে হাতত বৰ টকা-পইচা থকা মানুহ নহয়৷ কিন্তু দেউতাই আমাক ভাইভনী আটাইকেইটাকে টানিটুনি হ’লেও বিশ্ববিদ্যালয় পৰ্যন্ত পঢ়াৰ সুযোগ দিলে৷ সেই হিচাপত দেউতা এজন সফল মানুহ৷ কিন্তু দেউতাৰ সফলতাৰ জোখটো হয়তো মানুহ ভেদে বেলেগ বেলেগ হ’ব৷ আমাৰ সমষ্টিৰ বিধায়কজনক বহুতেই সফল বুলি ঈৰ্ষাও কৰে৷ কিন্তু সেই মানুহজনকে আকৌ মন্ত্ৰী নোহোৱা বাবে বহুতেই সফল বুলি ভাবিব অলপ টান পায়৷ আমাৰ ওচৰৰে এজন মানুহে কেইবাটাও বিষয়ত এমএ পাছ কৰিছে৷ কিন্তু চাকৰি বহু বছৰলৈ পোৱা নাছিল৷ তেওঁকো বহুতেই আকৌ চাকৰি নোপোৱালৈকে সফল বুলি ধৰা নাছিল৷ আমাৰ নিকটৱৰ্তী গাওঁ এখনৰ মেধাৱী ছাত্ৰ এজনে কোনোমতে টেট শিক্ষকৰ চাকৰিটো পালে৷ কিন্তু মেধাৱী ছাত্ৰজনৰ লগতে পঢ়ি কোনো ৰকম মেট্ৰিক পাছজনে ঠিকা ঠুকুলি কৰি বহু টকা আৰু ধুনীয়া ঘৰৰ গৰাকী৷ মেধাৱী ছাত্ৰজনতকৈ ধনীজন সফল বুলি কৈ টেট শিক্ষকজনক ঠাট্টা মস্কৰা কৰা লোকো আছে৷ কিন্তু সফল হোৱাৰ কোনো বয়স নাই৷ আমি ব্যক্তিগতভাৱে এতিয়াও সফল নহয় বুলি আক্ষেপ নকৰো৷ আজি ফাষ্টফুড বিপণী KFCৰ বিশ্বজুৰি বিপণী আছে, প্ৰায় প্ৰতিখন দেশতে৷ কিন্তু Kentucky Fried Chicken অৰ্থাৎ KFCৰ প্ৰতিষ্ঠাতা কৰ্ণেল ছেণ্ডাৰচ আছিল এজন অসফল মানুহ৷ ১৮৯০ চনত জন্ম লোৱা ছেণ্ডাৰচে বিভিন্ন বয়সত সফল হ’ব নোৱাৰি ১৯৫২ চনত KFCৰ জন্ম দিয়ে, অৰ্থাৎ ৬২ বছৰ বয়সত সফলতাৰ মুখ দেখে৷ Intelৰ প্ৰতিষ্ঠাতা ৰবাৰ্ট নয়চে ইণ্টেল আৰম্ভ কৰিছিল ৪১ বছৰ বয়সত৷ নেটফ্লিকচৰ চিইঅ’ ৰীড হেষ্টিংচে ডিভিডিৰ ব্যৱসায় ৩৭ বছৰত আৰম্ভ কৰি ষ্ট্ৰিমিঙ কৰে দহ বছৰ পিছতহে৷ এনে বহু কাহিনী মই জানো, যিসকলে চল্লিশৰ পিছতহে ব্যৱসায়িক সফলতাৰ মুখ দেখিছে৷

গতিকে, আপুনি যদি এতিয়া অসফল, উদ্বিগ্ন নহ’ব, আপুনি সফল হ’বলগীয়া ক্ষেত্ৰখনত হয়তো আপুনি ভৰি দিয়া নাই৷ আগবাঢ়ক, কাম কৰি যাওক, দেৰিকৈ হ’লেও সফলতা আহিব৷ আমাৰো আহিব, তেনে অপেক্ষা আৰু আগ্ৰহেৰে গৈ আছো, জীৱন চলাই আছো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*