শীৰ্ষ

জুবিন গাৰ্গলৈ সেউজী সেউজীৰ বঁটা


প্ৰথম খবৰ, নলবাৰী, 20 ডিচেম্বৰ – নলবাৰীৰ নানকাৰভয়ৰাৰ পৰা যোৱা দুকুৰি বছৰে প্ৰকাশ পাই অহা ন -কবিৰ একমাত্ৰ কাব্যালোচনী ‘সেউজী সেউজী ‘ বটাঁ আৰু পাগলাদিয়া বটাঁ জুৰিমণ্ডলীৰ নিৰ্বাচনৰ শেষত আজি ‘সেউজী সেউজী ‘ৰ সম্পাদক পুলক বৰ্মনে খাটাবাৰীৰ কাৰ্যালয়ত ঘোষনা কৰে । ইতিমধ্যে এই বটাঁ কবি অজিত গগৈ, মেগন কছাৰী, বিপুল কুমাৰ দত্ত, শান্তনু শৰ্মা, প্ৰণৱ কুমাৰ বৰ্মন, হিমাংশু প্ৰসাদ দাস, কমল কুমাৰ জৈনকে ধৰি কেইবাজনো প্ৰতিষ্ঠিত কবিক প্ৰদান কৰা হৈছে । এইবেলি ঘোষনা কৰা বটাঁ প্ৰাপক কেইজন হৈছে – 2016 বৰ্ষৰ ‘সেউজী সেউজী ‘বটাঁ কবি সৌৰভ শইকীয়া আৰু 2017 ৰ বৰ্ষৰ বাবে সংগীত শিল্পী জুবিন গাৰ্গ । আনহাতে পাগলাদিয়া বটাঁ 2017 ৰ প্ৰাপক কবি -ঔপন্যাসিক পংকজ গোবিন্দ মেধিক । এই বটাঁ প্ৰাপক সৌৰভ শইকীয়াৰ ইতিমধ্যে বাৰখন কাব্যগ্ৰন্থ, জুবিন গাৰ্গৰ এখন কাব্যগ্ৰন্থ আৰু পংকজ গোবিন্দ মেধিৰ কুৰিখন গ্ৰন্থ প্ৰকাশ পাইছে । উল্লেখ্য যে এই বৰ্ষৰে শেষৰ ফালে ‘ সেউজী সেউজী ‘ৰ এক অনুষ্ঠানত এই বটাঁ প্ৰদান কৰা হব বুলি মুখ্য সম্পাদক তৰুণ বৰ্মনে সংবাদ মাধ্যমক জনাইছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close