শেহতীয়া
Home / অসম / টিংখাঙত বনৌষধি চিকিৎসা সেৱা কেন্দ্ৰ উদ্ধোধন

টিংখাঙত বনৌষধি চিকিৎসা সেৱা কেন্দ্ৰ উদ্ধোধন

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: বনৌষধি চিকিৎসা পদ্ধতিক অধিক বিজ্ঞানসন্মত আৰু কাৰিকৰী কৌশলেৰে জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যৰে অসম বনৌষধি চিকিৎসা সন্থাই শেহতীয়াকৈ গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ। সন্থাৰ উদ্যোগত অসমৰ জিলাই- জিলাই বনৌষধি কাৰ্যালয় আৰু চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে
৭ ডিচেম্বৰত টিংখাঙৰ নীলমণি খনিকৰ গাঁৱত অসম লোক বনৌষধি চিকিৎসা সন্থাৰ ডিব্ৰুগড় জিলা কাৰ্যালয় ও চিকিৎসা সেৱা কেন্দ্ৰ উদ্ধোধন কৰা হয়। বিগত প্ৰায় ২৭ বছৰে বন ঔষধৰ যোগেদি বৃহত্তৰ অঞ্চলটোত চিকিৎসা সেৱা আগবঢ়াই অহা বাঘমৰা গাঁৱৰ তিলক খনিকৰৰ বাসগৃহতে নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয় আৰু চিকিৎসা কেন্দ্ৰ। কাৰ্যালয় আৰু বনৌষধি চিকিৎসা সেৱা কেন্দ্ৰ শুভ উদ্ধোধন কৰে অসম লোক ঔষধি চিকিৎসক সন্থাৰ সম্পাদক দেৱকান্ত কোঁচে। আনহাতে বনৌষধি চিকিৎসা সেৱা সন্দৰ্ভত এক বিশেষ সভা  অনুষ্ঠিত হয়। সভাত সন্থাৰ উপদেষ্টা শৃংগেশ্বৰ শ্যাম , যোৰহাট জিলাৰ সভাপতি অজিত বৰবৰা, অসমীয়া যুৱ মঞ্চৰ ৰাজগড় আঞ্চলিকৰ সভাপতি দেৱ ভৰালীকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে । সভাত বনৌষধি চিকিৎসা পদ্ধতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*