শেহতীয়া
Home / অসম / টিৰাপ – লেখাপানীত বন্ধৰ প্ৰভাৱ

টিৰাপ – লেখাপানীত বন্ধৰ প্ৰভাৱ

প্ৰথম খবৰ, জাগুন : বৰডুমচাত গুলীচালনা ঘটনাৰ প্ৰতিবাদত আজি সদৌ মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰে। পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা ২৪ ঘন্টীয়া বন্ধত জিলা খনৰ আন ঠাইৰ লগতে মাৰ্ঘেৰিটা, লিডু, লেখাপানী, টিৰাপগেট আৰু জাগুনত আজি বন্ধৰ প্ৰভাৱ দেখা গ’ল। বন্ধ ৰখা হয় সকলো শিক্ষা – প্ৰতিষ্ঠান, দোকান – পোহাৰ সমূহ । লগতে আজি দিনৰ প্ৰায় ১০ বজাত টিৰাপগেট তিনি আলিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা আৰু টিৰাপ আঞ্চলিক সমিতিয়ে ভিন্ন দাবীৰে প্ৰতিবাদ জনোৱাৰ লগতে মৃতকৰ পৰিয়াললৈ ক্ষতি পূৰণ দিয়াৰ দাবী জনাই। লগতে ১৫৩ লেখাপানী ষ্টিলৱেল ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
“প্ৰথম খবৰ”ক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষী বড়াই এইবিষয়ে জানিবলৈ দিয়ে। আজি এই কাৰ্যসূচীত মটক যুৱ ছাত্ৰ সন্মিলন, আহোম সেনা , আছু, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাই সমৰ্থন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*