অসম

টীয়কত পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ নগৰ সমিতিৰ অধ্যক্ষৰ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰ: আজি টীয়ক নগৰৰ ৩নং ৱাৰ্ডৰ অন্তৰ্গত জগদুৱাৰ নাৰেং পাঁচনী গাঁওৰ নামঘৰ পথৰ নিৰ্মাণ কাৰ্যৰ আনুস্থানিকভাৱে শুভাৰম্ভ কৰে টীয়ক নগৰ সমিতিৰ অধ্যক্ষ ৰফিক উজ জামানে৷ এই উপলক্ষত আয়োজিত এক পথ সভাত টীয়ক ৰাজহ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ৰাজবংশীৰ লগতে জগদুৱাৰ নাৰেং পাঁচনী গাঁওৰ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে৷ চতুৰ্দশ বিত্তীয় আয়োগ ২০১৭ -২০১৮ ৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৭০ মিটাৰ দৈঘ্যৰ এই পথটিৰ নিৰ্মাণ কাৰ্যৰ প্ৰতিটো ক্ষণতে জনতাক সজাগ হৈ কামখিনি নিৰীক্ষণ কৰি নগৰ সমিতিৰ অধ্যক্ষৰ লগত যিকোনো আপত্তি পালে জনাবলৈ কোৱাৰ লগতে নগৰ সমিতিৰ অধ্যক্ষ গৰাকীয়ে উদ্বোধনী অনুস্থানত উপস্থিত থকা সকলোকে আন্তৰিক ধন্যবাদ জনায়৷ উপস্থিত ৰাইজক উদ্যেশ্যে মন্তব্য আগবঢ়াই চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী আৰু নগৰ সমিতিৰ আইনী উপদেষ্টা বিশ্বজিৎ নাথে৷

Related Articles

Leave a Reply

Close