শেহতীয়া
Home / অসম / ডঃ বৰ্ণালী বড়া আৰু হিতেশ গগৈলৈ ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প আৰু ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী’ শব্দ শিল্প বঁটা     

ডঃ বৰ্ণালী বড়া আৰু হিতেশ গগৈলৈ ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প আৰু ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী’ শব্দ শিল্প বঁটা     

প্ৰথম খবৰ,লিডু: প্ৰতি বছৰে আগবঢ়াই অহা ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প বঁটা’ এইবাৰ দুলীয়াজান নিবাসী কবি ডঃ বৰ্ণালী বড়ালৈ লিডু শাখা কবি সন্মিলনে তেখেতৰ কাব্যগ্ৰন্থ ‘মৌপিয়াৰ বিষাদ ৰাগিণী’ৰ বাবে আগবঢ়াইছে।

উল্লেখযোগ্য যে ডঃ বড়াই ২০১৭ বৰ্ষত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনত তেখেতৰ ২০১৫  চনত প্ৰকাশিত ‘শিশু সাহিত্য আৰু অন্যান্য প্ৰবন্ধ’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ‘কমলেশ্বৰ ডেকা সোঁৱৰণী বঁটা’ লাভ কৰাৰ লগতে ২০১৭ চনত তিনিচুকীয়া জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা আয়োজিত অসম ভিত্তিক কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰত গৱেষণা পত্ৰ পাঠ কৰা ডঃ বড়াই ২০১৫ বৰ্ষত ডঃ নীৰাজনা মহন্ত বেজবৰাৰ তত্ত্বাবধানত ‘ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্যৰ সামগ্ৰিক মূল্যায়ন’ শীৰ্ষক বিষয়ত গৱেষণা কৰি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। অসম সাহিত্য সভা আৰু সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য ডঃ বড়াই ছাত্ৰাৱস্থাৰেপৰা কাব্যচৰ্চা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰকাশ,নন্দিনী,বাৰ্তাপখিলী,দৈনিক জনমভূমি,অসমীয়া খবৰ,যাত্ৰা আদি কাকত-আলোচনীত ডঃ বড়াৰ কবিতা প্ৰকাশ পোৱাৰ লগতে বিভিন্ন গৱেষণা-পত্ৰিকা,সম্পাদিত গ্ৰন্থতো ভিন্ন বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছে। শেহতীয়াকৈ ৰাজীৱ বৰা সম্পাদিত ‘সন্ধিক্ষণৰ অসমীয়া কবিতা’ গ্ৰন্থতো ডঃ বৰ্ণালী বড়াৰ কবিতাই স্থান লাভ কৰি কাব্যমোদীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে প্ৰথমবাৰৰ বাবে লিডু শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ভূপেন চন্দ্ৰ নেওগৰ সোঁৱৰণত দিবলৈ আগবঢ়া শব্দশিল্প বঁটা চাবুৱাৰ বিশিষ্ট কবি হিতেশ গগৈক এইবছৰ দিয়াৰ সিদ্ধান্ত কৰা হৈছে । ১৯৮০ চনৰ পৰা সাহিত্য চৰ্চাৰ সৈতে জড়িত গগৈৰ কুমাৰীত্ব হেৰুৱাৰ পৃথিৱী বিষন্ন ৰাতিৰ ফুল আৰু কাইট,হাতৰ মুঠিৰ ধুমুহা,চাবুৱাৰ তেজীমলাকে ধৰি আঠখন কবিতা সংকলন,২ খন গদ্য সংকলন প্ৰকাশ পোৱাৰ লগতে অসমৰ জনপ্ৰিয় কাকত  আলোচনী সাতসৰী,প্ৰান্তিক,সাদিন আদিত প্ৰকাশ পাই আহিছে। গগৈ বৰ্তমানে তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।  লিডু মহাবিদ্যালয়ত লিডু শাখা কবি সন্মিলন আৰু লিডু মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত ১৮ ডিচেম্বৰত আয়োজিত এক কবিতাৰ অনুষ্ঠানত দুয়োজনকে সন্মানীত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*