অসম

ডঃ ভূপেন হাজৰিকা সেতু সংযোগী পথত দুৰ্ঘটনা, নিহত ১

 প্ৰথম খবৰ, তালাপ: আজি সন্ধিয়া ডঃ ভূপেন হাজৰিকা সেতু সংযোগী পথত হোৱা এটা দুৰ্ঘটনাত ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোপীনাথ ডেকাৰ মৃত্যু ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে।

লোকজনে সন্ধিয়া আঢ়ৈমূৰীয়া গাঁৱৰপৰা ধলা বজাৰৰ নিজ গৃহলৈ এখন মটৰ চাইকেলেৰে আহি থকাৰ সময়ত শদিয়াৰ দিশৰ পৰা আহি থকা AS 01 2279 নম্বৰৰ ইণ্ডিগ গাড়ীয়ে মুখামুখিকৈ খুন্দা মৰাত লোকজনে মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায়। আহত লোকজনক ততাতৈয়াকৈ ১০৮ বাহনৰ জৰিয়তে অসম মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও যাত্ৰাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে। ইফালে ঘটনাৰ সময়ত অৱসৰ প্ৰাপ্ত শিক্ষকজনৰ সৈতে একেখন মটৰ চাইকেলতে উঠি অহা আনজন আৰোহীয়ে সামান্য আঘাত পায়।

উল্লেখনীয় যে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই পথচোৱাৰ মসৃণতাৰ সুযোগ লৈ একাংশ উদণ্ড চালকে তীব্ৰ গতিত যান-বাহন চলোৱাৰ বাবে এই পথছোৱাত অতি সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ভালে সংখ্যক লোকৰ প্ৰাণ হানি হৈছে। সম্প্ৰতি কিলাৰ হাইৱেলৈ পৰ্যবসিত হোৱা এই পথত আৰক্ষীৰ ভূমিকা সন্তোষজনক নোহোৱাৰ বাবেও দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close