শেহতীয়া
Home / অসম / ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোন প্ৰথম বাৰৰ বাবে মুকলি হল এলিফেন্ট চাফাৰি

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোন প্ৰথম বাৰৰ বাবে মুকলি হল এলিফেন্ট চাফাৰি

প্ৰথম খবৰ, তালাপ: অসমৰ পৰ্যটন ক্ষেত্ৰত বৃহস্পতিবাৰে নতুনকৈ সংযোজন হল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এলিফেন্ট চাফাৰি। ইয়াৰ পূৰ্বে চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীয়ে আগুৰি ৰখা বৃহৎ নদী-দ্বীপ ৰাষ্ট্রীয় উদ্যান দৰ্শনৰ বাবে নাৱেৰে গৈ মাইলৰ পিছত মাইল পদব্ৰজে ঘুৰি ফুৰিব লগীয়া হৈছিল। ৰাষ্ট্রীয় উদ্যানখনৰ কেইবাখনো ইক’ ডেভলপমেন্ট কমিটি আৰু এভাৰ গ্ৰীণ আৰ্থ নামৰ স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত, বন বিভাগৰ সহযোগত চলাব লগীয়া এই এলিফেন্ট চাফাৰি আজি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই শুভ উদ্বোধন কৰে । তিনিচুকীয়া বন সংমণ্ডলৰ (বন্যপ্ৰাণী) ছৈখোৱা বন আঞ্চলিক কাৰ্যালয়ৰ সমিপৰ কেনপাচ ইক’ কেম্পৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুতি পাৰ হৈ স্থাপন কৰা কেম্পত আজি পুৱাতে বন মন্ত্ৰী গৰাকী বিভাগীয় শীৰ্ষ বিষয়া সমন্বিতে সদলবলে হাতী কেম্পত উপস্থিত হয় । ইয়াতে এভাৰগ্ৰীণ আৰ্থৰ সঞ্চালক গুণধৰ কোঁৱৰে মন্ত্ৰী গৰাকীৰ লগতে স্থানীয় বিধায়ক বলিন চেতিয়া , কেইবাগৰাকীও বন বিভাগৰ শীৰ্ষ বিষয়া আৰু দলীয় নেতাক আদৰ সম্ভাষণ জনাই । পিছত মন্ত্ৰী গৰাকীয়ে নাৰিকল ভাঙি এলিফেন্ট চাফাৰিৰ শুভ উদ্বোধন কৰে । মন্ত্ৰী গৰাকীয়ে কেনপাচ ইক’ কেম্পত এখন সভাত অংশ লোৱাৰ লগতে ছৈখোৱা আঞ্চলিক কাৰ্যালয়ত এটা অতিথিশালাৰ দ্বাৰ উন্মোচন কৰে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*