অসম

ডিমৌৰ চ’ৰগুৱাত বন্যহস্তীৰ বৃহৎ জাকৰ উপদ্ৰৱ  

প্ৰথম খবৰ, ডিমৌ: বনাঞ্চলৰ পৰিৱৰ্তে এতিয়া জনাঞ্চলত প্ৰবেশ কৰিছে বন্য জীৱ-জন্তু। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে এতিয়া ত্ৰাহিমধুসোধন দেখুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। তাৰ মাজতে ডিমৌত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। শিৱসাগৰ জিলাৰ ডিমৌৰ চ’ৰগুৱাত মঙ্গলবাৰে নিশা পুনৰ বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰে। বন্যহস্তীৰ প্ৰায় ১৬০ জনীয়া এটা বৃহৎ জাকে দৰিদ্ৰ কৃষকৰ শ শ বিঘা কৃষিভূমিত থকা পকাধান খাই তহিলং কৰিছে। তদুপৰি ধানৰ লগতে বন্যহস্তীয়ে খাই নষ্ট কৰিছে বাৰীৰ শাক-পাচলি। ওৰেনিশা উজাগৰে থাকি হাতী খেদাত ব্যস্ত হৈ পৰে চৰ’গুৱা অঞ্চলৰ ৰাইজ। ইতিপূৰ্বেও বনবিভাগৰ কোনো পৰিকল্পনা-আঁচনি নথকাৰ ফলতে এই অঞ্চলটোত বনকৰ্মীৰ গুলীত এটা হাতীৰ মৃত্যু হৈছিল। সেই উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ হাতীৰ উপদ্ৰৱে এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে অঞ্চলটোত। এফালে ৰাইজৰ ক্ষোভ আৰু আনফালে গজৰাজৰ সন্ত্ৰাস, তাৰ মাজতে শিৱসাগৰ আৰু ডিমৌ বন বিভাগৰ যুটীয়া তৎপৰতাত ১৫ জাই গুলী ফুটাই হাতী খেদাৰ চেষ্টা চলায় । কিছুদিন পূৰ্বে থাওৰাৰ বিধায়ক কুশল দুৱৰীয়েও হাতীৰ উপদ্ৰৱৰপৰা দৰিদ্ৰ কৃষকৰ শস্যপথাৰ ৰক্ষাৰ বাবে সৌৰশক্তিৰ তাঁৰৰ বেৰা দি প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও এতিয়া অপ্ৰতিৰোধ্য হৈ পৰিছে গজৰাজ । বিধায়ক জনে নিজে বহুবাৰ অঞ্চলটোত হাতী খেদি শস্যপথাৰ বচোৱাত নামি পৰিপৰিছ। পিছত বহু চেষ্টাৰ অন্তত বনকৰ্মীয়ে শস্যপথাৰৰ পৰা আতঁৰাবলৈ সক্ষম হয় হাতীৰ বৃহৎ জাকটোক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close