শেহতীয়া
Home / অসম / ড্ৰাগছ মাফিয়া পাখি মিঞা আহত 

ড্ৰাগছ মাফিয়া পাখি মিঞা আহত 

নিউজ ডেস্ক, প্ৰথম খবৰ:মহানগৰীত বুধবাৰে সন্ধিয়া সংঘটিত হৈছে ত্ৰক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। বশিষ্টৰ ওচৰৰ কেৰাকুছিত সংঘটিত এই গুলীচালনাৰ ঘটনাত আহত হৈছে ড্ৰাগছ মাফিয়া হিচাপে পৰিচিত পাখি মিঞা।

বুধবাৰে সন্ধিয়া তেওঁ নিজৰ গাড়ীখনেৰে হকী ষ্টেডিয়ামৰ ওচৰেৰে ভেটাপৰা অভিমুখে আহি আছিল। সেই সময়তে বাইকত অহা এটা দুবৃত্তৰ দিলে পাখি মিঞাক লক্ষ্য কৰি গুলীচালনা কৰে আৰু পাখি মিঞা আহত হোৱাত ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে চিকিৎসকে আঘাত গুৰুতৰ নহয় বুলি সদৰি কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে বশিষ্ট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্ত কৰাত ওলাই পৰিছে যে দুবৃত্তৰ দলটোয়ে ৯ এম এম পিষ্টলৰে গুলীচালনা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে পাখি মিঞাকো সোধা পোছা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*