অসমশীৰ্ষ

ঢকুৱাখনাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:অজগৰ  উদ্ধাৰক লৈ ঢকুৱাখনা ভোমালাগাচু গাঁৱত চাঞ্চল্য। আজি গাওঁখনৰ ধাননিৰ মাজত এজন ব্যক্তিয়ে পথাৰলৈ যাওঁতে প্ৰথমে সাপডাল প্ৰত্যক্ষ কৰে।  স্থানীয় কেইজনমান সাহসী যুৱক ক্ৰমে উমিৰ লাগাছু আৰু হৰিপ্ৰসাদ লাগাছুৱে সাপডাল বিভিন্ন কৌশলেৰে ধৰি ঘৰলৈ লৈ আনে। ইতিমধ্যে উপস্থিত ভোমাজাৰণি হাইস্কুলৰ শিক্ষক ফিৰোজ লাগাছু উপস্থিত হৈ ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ সম্পাদক দিগেন হাজৰিকা আৰু বন বিভাগক অজগৰ উদ্ধাৰ হোৱা সম্পৰ্কে জ্ঞাত কৰে। অজগৰটো দৈৰ্ঘ্য প্ৰায় ১১ ফুট আৰু ওজন ১৬ কিলোগ্ৰাম বুলি নিশ্চিত হয়। গাঁৱৰ কেইজনমান সাহসী লোকে উদ্ধাৰ কৰা অজগৰটো সযত্নে বস্তাত ভৰাই ঢকুৱাখনা থানালৈ লৈ আনে। বৰ্তমান ঢকুৱাখনা আৰক্ষী থানাত অজগৰ চাবলৈ ৰাইজৰ ভিৰ দেখা গৈছে। ভোমালাগাচু গাঁওৰ একাংশ ৰাইজে এই অঞ্চলত আৰু অজগৰ থকা সন্দেহ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close