অসম

তামাৰহাটত প্ৰলোভন দেখুৱাই ঠগিলে বিকলাঙ্গক

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাচখানা গাঁৱৰ বিকলাঙ্গ ছমছেৰ আলী নামৰ ব্যক্তিজনক মোবাইলযোগে কোনো অচিনাক্ত ব্যক্তিয়ে সহায়ৰ প্ৰলোভন দেখুৱাই কিছুদিন পূৰ্বে নাম ঠিকনা লয়। বিগত পাঁচ ডিচেম্বৰৰ দিনা পাগলাহাট ডাকঘৰৰ পৰা পিয়ন যোগে ছমছেৰ আলীৰ নামত এটা পাৰ্চেল আহিছে বুলি ডাকঘৰ কতৃপক্ষ ই জনায় । কিন্তু পাৰ্চেলটো ললে চাৰি হাজাৰ এশ টকা জমা দিলেহে লব পাৰিব । দুখীয়া ছমসেৰে পাৰ্চেলটোৰ লোভ সামৰিব নোৱাৰি ঘৰত গৈ ঘৰৰ সা সামগ্ৰী বিক্ৰী কৰি চাৰি হাজাৰ এশ টকা আনি ডাকঘৰত দি পাৰ্চেল টো লয় । পাৰ্চেলটো খোলাত ছমসেৰৰ চকু কপালত উঠিল সুন্দৰ কৈ পঠিওৱা পাৰ্চেলটোৰ ভিতৰত পিতলৰ তিনি চাৰিটা সৰু সৰু সামগ্ৰী দেখা পায় , যাৰ মূল্য বিশৰ পৰা পঞ্চাশ টকা হব । এনেকৈ নিৰীহ দৰিদ্ৰক ঠগি ধন আত্মসৎ কৰা বহিঃৰাজ্যৰ ভূৱা কোম্পানীৰ বিৰুদ্ধে চৰকাৰ বা আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহন কৰে বুলি সেয়াই সচেতন মহলে মন্তব্য কৰিছে ।

Related Articles

Leave a Reply

Close