শেহতীয়া
Home / অসম / তিতাবৰত পুনৰ বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ:বন বিভাগৰ বিফলতাত অসহায় স্বীকাৰোক্তি বনমন্ত্ৰীৰ

তিতাবৰত পুনৰ বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ:বন বিভাগৰ বিফলতাত অসহায় স্বীকাৰোক্তি বনমন্ত্ৰীৰ

তিতাবৰৰপৰা চিত্তকমল বেজবৰা,প্ৰথম খবৰ:
তিতাবৰত পুনৰ বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ। তিতাবৰ ধলি কছাৰী লাইনত ছটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ বিপৰীতে তিতাবৰৰে লেতেকু গাঁৱত বন্যহস্তীয়ে ভাঙিলে কেবাটাও বাসগৃহ। বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছে গঞা ৰাইজে। খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকটো আঁতৰাই পথাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বিয়াগোম বন বিভাগ। ক্ৰমাৎ  যেন ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বন্যহস্তীৰ আতংকই। বন্যহস্তীৰ আক্ৰমণত বিপয্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা পঞ্চাশ জনীয়া বৃহৎ বন্যহস্তীৰ জাকটোৱে ৰঙাজানত সোমবাৰে নিশা কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ পাছত মঙ্গলবাৰেও নিশা প্ৰৱেশ কৰে জনাঞ্চলত। পৰৱৰ্তী সময়ত ধলি কছাৰী লাইন আৰু লেতেকু অঞ্চলত প্ৰবেশ কৰি কেইবাটাও ঘৰ ভাঙি তহিলং কৰাৰ লগতে বিষ্টৰ পৰিমাণৰ কৃষি পথাৰ বিনষ্ট কৰে।

বন বিভাগৰ বিফলতাত অসহায় স্বীকাৰোক্তি বন মন্ত্ৰীৰ। ইফালে বন বিভাগৰ চূড়ান্ত বিফলতাক এক প্ৰকাৰে অসহায় ভাবে স্বীকাৰ কৰিলে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্রহ্মই। তিতাবৰত সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত বনমন্ত্ৰী গৰাকীয়ে কয় যে বন বিভাগৰ নাই পৰ্য্যাপ্ত পৰিমাণৰ মেন পাৱাৰ। যাৰ বাবেই সফল হ’ব পৰা নাই বন বিভাগে। ৰাজ্যত শীঘ্ৰে তৰাম্বিত কৰা হব বন বিভাগটো। ইতিমধ্যে বন বিভাগে মজুদ কৰিছে বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।  প্ৰশিক্ষণৰ পাছতে বনকৰ্মীক প্ৰদান কৰিব অত্যাধুনিক হা সৰঞ্জাম আৰু অস্ত্ৰ শস্ত্ৰ। বন বিভাগক আধুনিকীকৰণ কৰা হ’ব বুলিও ব্যক্ত কৰে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্রহ্মই। কিন্তু বনমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*