অসমতিনিচুকীয়া

তিনিচুকীয়াত আতংক, সন্দেহজনক তিনি আলফা কেডাৰৰ গুলীত নিহত পিতা-পুত্ৰ

নিউজ ডেস্ক,প্ৰথম খবৰ :
আলফাৰ তিনি কেডাৰৰ নৃশংসতাৰ বলি হ’ল তিনিচুকীয়া জিলাৰ এটি পৰিয়াল। পৰিয়ালটোৰ দুজনকৈ সদস্যক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে সেনাৰ বেশত অহা আলফাৰ তিনি দুধৰ্ষ কেডাৰে। ঘটনাটো সংঘটিত হয় তিনিচুকীয়া জিলাৰ শিমলুগুৰীত। প্ৰাপ্ত তথ্য অনুসৰি, শিমলুগুৰীৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰক আলফাৰ তিনি কেডাৰে তেওঁলোকৰ ঘৰৰ সমীপতে অতি কম দূৰত্বৰপৰা একে-৪৭ৰে গুলীয়াই আৰু লগে লগে দুয়োজনে ঘটনাস্থলীতে থিতাতে মৃত্যুক সাবটি লয়। তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই এই প্ৰসংগত এনেদৰে উল্লেখ কৰে, “আমি ঘটনাস্থলীত গৈছো আৰু অনুসন্ধান চলাই আছো”। এই ঘটনাৰ পূৰ্বে শনিবাৰেও ডাঙৰি কুমাৰ আৰক্ষী চাউনীত এজন দুধৰ্ষ আলফা কেডাৰ গ্ৰেপ্তাৰ হৈছিল। উক্ত কেডাৰজনক অভয় ডেকা বুলি চিনাক্ত কৰা হৈছিল।

Related Articles

Leave a Reply

Close