অসম

তিলক বৰুৱা প্ৰাইজমানী ক্ৰিকেট:ৰাজগড় ফাইনেলত

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:ৰাজগড়ত চলি থকা তিলক বৰুৱা সোঁৱৰণি আমন্ত্ৰণমূলক নক আউট ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দুখনকৈ গুৰুত্বপূৰ্ণ খেল সম্পন্ন হয়। এ গ্ৰুপৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত জালুকপাৰপা বয়জ ক্লাৱ,ডিব্ৰুগড়ে নাজিৰা ক্ৰিকেট একাডেমীক ২২ ৰাণত পৰাস্ত কৰে। আনহাতে টুৰ্ণামেণ্টৰ প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টছ ছচাইটি অফ ৰাজগড়ে শিৱসাগৰৰ জংগম ক্ৰিকেট ক্লাৱক সাত উইকেটত পৰাস্ত কৰে।

প্ৰথমখন খেলত ডিব্ৰুগড়ে প্ৰথমে বেটিং কৰি নিৰ্দ্ধাৰিত ১৬ অভাৰত সাতটা উইকেট হেৰুৱাই কল্যাণ গগৈৰ ৩৮,কৃষাণু চৰকাৰৰ ৩০ আৰু চিৰন্তন দাসৰ ২৮ ৰাণৰ সহযোগত কৰা ১৫৮ ৰাণৰ প্ৰত্যুত্তৰত নাজিৰাই ১৬ অভাৰত ১৩৫ ৰাণতে ইনিংছ সামৰে। নাজিৰাৰ হৈ মৃগাংক গগৈয়ে সৰ্বাধিক ৪৩ ৰাণ কৰে। মেন অফ দ্য মেছ জালুকপাৰা বয়জ ক্লাৱৰ কল্যাণ গগৈয়ে দুটা উইকেটো দখল কৰে।
আনহাতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত স্পৰ্টছ ছচাইটি অফ ৰাজগড়ে প্ৰথমে বেটিং কৰা শিৱসাগৰৰ জংগম ক্ৰিকেট ক্লাৱক ১৪.৫ অভাৰতে মাত্ৰ ৭৮ ৰাণতে অল আউট কৰে। ৰাজগড়ৰ আমিন হুছেইনে তিনি অভাৰত ৮ ৰাণ দি দুটা উইকেট দখল কৰে। ৰাজগড়ে মাত্ৰ ১৩.৫ অভাৰতে দানিছ আহমেদৰ ৩১ টা বলত ৩১ ৰাণ আৰু বিশাল চাহৰ ৩৪ টা বলত ১৯ ৰাণৰ সহায়ত তিনিটা উইকেটৰ বিনিময়ত সহজতে জয় লাভ কৰি প্ৰতিযোগীতাৰ ফাইনেলত প্ৰবেশ কৰে।
স্পৰ্টছ ছচাইটি অফ ৰাজগড়ৰ দানিছ আহমেদক মেন অফ দ্য মেচ ঘোষণা কৰা হয়। দ্বিতীয়খন ছেমিফাইনেল পৰহিলৈ জালুকপাৰা বয়জ ক্লাৱ আৰু ফিনিক্স ক্ৰিকেট কৌচিং ক্লাৱ, শিৱসাগৰৰ মাজত অনুষ্ঠিত কৰা হ’ব। ইপিনে ঘৰুৱা দলটি ফাইনেলত প্ৰাৱেশ কৰাত ৰাজগড় অঞ্চলৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close