অসম

তেজপুৰত আজব চোৰ:পুলিচৰ ভয়ত জাপ দিলে ব্ৰক্ষ্মপুত্ৰত

তেজপুৰ ,অপুৰ্ব বৰা: তেজপুৰত আজব ঘটনা। আজব চোৰ। ঢেকিয়াজুলি ৰাকক্ষমাৰিৰ মজিবুৰ ৰহমান নামৰ এজন যুৱকে অৰুণাচলৰপৰা ডেৰলাখ টকা মুল্যৰ এখন বিলাসী মটৰ চাইকেল চুৰি কৰি আনি তেজপুৰত চানমাৰীৰ ঔগুৰি পাহাৰত ২০ হাজাৰ টকাত বিক্ৰীৰ বাবে আহিছিল।স্থানীয় ৰাইজৰ সন্দেহ হোৱাত যুৱক জনক আটক কৰি আৰক্ষীক খৱৰ দিয়ে। আৰক্ষী অহাৰ খবৰ পাই ৰাইজৰ হাতৰ পৰা পলায় যায়। ৰাইজ আৰু আৰক্ষীয়ে খেদি যোৱাত চোৰ গৈ বৰলুইটত জাপ দিয়ে। আৰক্ষীয়ে অভিযান চলাই চোৰ মজিবুৰ ৰহমানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰটোক আটক কৰি জেৰা চলাই আছে। চোৰটোৱে মটৰ চাইকেল খন অৰুণাচলৰ পৰা ১০ হাজাৰ টকা কিনা বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close