অসম

তেজপুৰত আজৱ আৰক্ষী :৬ পত্নী ,২১ সন্তান

তেজপুৰৰ পৰা  অপুৰ্ব বৰা ,প্ৰথম খবৰ : তেজপুৰৰ চামচুল হক নামৰ আৰক্ষী কনিষ্টবল এজনৰ আজৱ কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। তেওঁ ৪০ বছৰৰ আগতে ঠেলামৰাৰ ৰুহিনী গাৱৰ চালেহা খাতুনৰ লগত প্ৰথমে বিবাহ পাশত আবদ্ধ হয়। এই আৰক্ষী কনিষ্টবল জনে চাকৰি জীৱনত বিভিন্ন স্থানত চাকৰি কৰাৰ সুত্ৰে  নগাঁও, গৰৈমাৰী , ভোজখোৱা চাপৰি ,পানবাৰী আৰু শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিৰ পৰা সৰ্বমুঠ ৬ গৰাকী মহিলাক বিবাহ পাশত আৱদ্ধ হয়। ৬ গৰাকী পত্নী জৰিয়তে ২১ গৰাকী সন্তানৰ পিতৃ এই কনিষ্টবলজন । তেওঁৰ  প্ৰথমা পত্নীয়ে শোনিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও কোনো সদউত্তৰ নাপাই সাংবাদিকৰ কাষ চাপি সহায় বিচাৰিছে। আজৱ আৰক্ষী জনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিদ্দেশকো বৃদ্ধাগোষ্ঠ কৰিছে ।

Related Articles

Leave a Reply

Close