শেহতীয়া
Home / শীৰ্ষ / দ্ৰৌপদী প্ৰথম নাৰীবাদী-কোনে ক’লে?

দ্ৰৌপদী প্ৰথম নাৰীবাদী-কোনে ক’লে?

নিউজ ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে শেহতীয়াকৈ নাৰীক লৈ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে, পাণ্ডৱৰ ৰাণী দ্ৰৌপদী আছিল বিশ্বৰ প্ৰথম নাৰীবাদী। নাৰীৰ ওপৰত বক্তব্য আগবঢ়াই তেওঁ লগতে উল্লেখ কৰে, দ্ৰৌপদীৰ পাঁচজন স্বামী থকা সত্ত্বেও তেওঁ কাৰো কথা শুনা নাছিল। তেওঁ মাথো বন্ধু তথা ভগৱান শ্ৰীকৃষ্ণৰ কথাহে শুনিছিল। তথাপি আমি তেওঁক অন্য ধৰণে ল’ব নোৱাৰো। পানাজীত অনুষ্ঠিত হোৱা ভাৰতীয় উৎসৱৰ এক বিশেষ প্ৰসংগত এই মন্তব্য আগবঢ়ায় নেতাজনে। ওঠৰ লাখ ব্যক্তিৰ মাজত হোৱা মহাভাৰতৰ যুদ্ধও দ্ৰৌপদীৰ বাবেই সংঘটিত হৈছিল বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে বিজেপিৰ নেতাজনে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ নেপথ্যত থকা নেতাজনে যুদ্ধখনৰ ফলাফল দ্ৰৌপদীৰ জেদভাৱৰ বাবে হোৱা বুলিও গুৰুতৰ মন্তব্য আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*