অসম

ধুবুৰীত অসম সাহিত্য সভাৰ সামৰণি অনুষ্ঠান

প্ৰথম খবৰ, ধুবুৰী: চিৰ চেনেহী মোৰ ভাষা জননী , অসম সাহিত্য সভা দীৰ্ঘায়ূ হওক আদি ধ্বনিৰে আজি ধুবুৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে । আজি ৰাতিপুৱা ৮.৪৫ বজাত শতবৰ্ষীয় মূল পতাকা উত্তোলন কৰি অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই কয় যে অসম সাহিত্য সভাই সকলো জাতি জনগোষ্ঠীক লৈ এক বৃহত্তৰ অসম গঢ়াৰ দিশে আগবাঢ়ছে। দিনৰ এঘাৰ বজাত ধুবুৰী চহৰত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া এক বজাত মুকলি সভা অনুষ্ঠিত হয়। সভাত সুধাকন্ঠ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিনা শৰ্মাকে ধৰি ৩৬ জন সাহিত্যিক ,শিল্পীক  আজি বিশেষ ভাবে সন্মান প্ৰদান কৰে অসম সাহিত্য সভাই।সন্ধিয়া এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়।

Related Articles

Leave a Reply

Close