অসম

ধুবুৰীত মানৱ শৃংখলৰ জৰিয়তে শুভেচ্ছা ৰাহুল গান্ধীক

প্ৰথম খবৰ, ধুবুৰী: ৰাহুল গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব দিয়াৰ বাবে সমগ্ৰ ভাৰতৰ লগতে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত “মানৱ শৃংখল” ৰ কাৰ্যসূচী পালন কৰা হয় । উক্ত অনুষ্ঠানত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ লগতে জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া সকল , প্ৰাক্তন বিধায়ক সকল , ধুবুৰী টাউন ব্লক কমিটীৰ বিষয়ববীয়া সকল , ধুবুৰী গ্ৰাম্য ব্লক কমিটীৰ বিষয়ববীয়া সকল , দক্ষিণ শালমাৰা ব্লক কমিটীৰ বিষয়ববীয়া সকল , বিৰছিং ব্লক কমিটীৰ বিষয়ববীয়া সকল , যোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ লগতে কংগ্ৰেছৰ ভাতৃ সংগঠন সকল আৰু বহুতো কংগ্ৰেছ প্ৰেমী ৰাইজ উপস্থিত থাকি উক্ত অনুষ্ঠানখনত অংশ গ্ৰহণ কৰি অনুষ্ঠান খন সফল কৰি তোলে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close