শেহতীয়া
Home / অসম / নগাঁও গ্ৰন্থমেলাত উন্মোচন হ’ল গঁড় সম্পৰ্কীয় অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ “বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়”

নগাঁও গ্ৰন্থমেলাত উন্মোচন হ’ল গঁড় সম্পৰ্কীয় অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ “বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়”

প্ৰথম খবৰ,নগাঁও:গঁড় হত্যাৰ বিপৰীতে ইতিবাচক চিন্তাৰে গড় সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ ‘বিশ্বৰ বিপদাপন্ন প্ৰাণী গড়’ আজি নগাঁও গ্ৰন্থমেলাত উন্মোচন কৰা হয়। আজি সন্ধ্যা অনুষ্ঠিত গ্ৰন্থ উন্মোচিত সভাত বুবুল শৰ্মাৰ দ্বাৰা ৰচিত এই গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষত জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে কয় – বিগত ১৫ মাহে মই নগাঁৱৰ বহু সভা-সমিতিত অংশ গ্ৰহণ কৰিছোঁ যদিও গ্ৰন্থ উন্মোচনী সভাত থাকি আজি আনন্দ লাভ কৰিছোঁ,সেই আনন্দ কতো লাভ কৰা নাই। তেওঁ গঁড় হত্যা ৰোধ কৰাত সভ্য সমাজে বিশেষ ভূমিকা ল’ব লাগিব বুলি উল্লেখ কৰি ক -আৰক্ষী বা বিভাগীয় কৰ্তৃপক্ষই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে যদিও আইনী মেৰপাকত ওলাই আহি পুনৰ গড় হত্যাত লিপ্ত হয়। সেয়ে গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চোৰাং চিকাৰীক ৰাইজে সামাজিক বাবে বৰ্জন কৰাৰ আহ্বান জনায়। এই সভাতে বুবুল শৰ্মাৰ দ্বাৰা সম্পাদিত দ্বি-বাৰ্ষিক প্ৰকৃতি পৰিৱেশ সম্পৰ্কীয় ত্ৰৈ মাসিক আলোচনী “সেউজ বাৰ্তা” উন্মোচন কৰে প্ৰকৃতিপ্ৰেমী প্ৰশান্ত বৰদলৈয়ে। এই অনুষ্ঠানত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শ‌ইকীয়াও উপস্থিত থাকে। উল্লেখ্য,যি সময়ত ধাৰাবাহিক গঁড় হত্যাৰ খবৰে অসমবাসীক উদ্বিগ্ন কৰি তুলিছে,সেই সময়তে কাজিৰঙাৰ সন্তান প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই বিগত এঘাৰ বছৰ জুৰা পৰিশ্ৰমৰ বিনিময়ত অসমীয়া ভাষাত গড় সম্পৰ্কীয় প্ৰথমখন পূৰ্ণাঙ্গ গ্ৰন্থ “বিশ্বৰ বিপদাপন্ন প্ৰাণী গড়” লিখি উলিয়াই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। গঁড় সংৰক্ষণৰ ক্ষেত্ৰত এই ভালেকেইটা দিশ সামৰি লিখা তথ্যসমৃদ্ধ গ্ৰন্থখনে নিশ্চিত বাবে পাঠক সমাজৰ সমাদৰ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*