অসম

নগাঁও গ্ৰন্থমেলা-২০১৭ আৰম্ভ 

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হৈ পৰিল নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিৰ সাহিত্যচাৰ্য মহিম বৰা ক্ষেত্ৰত। নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত মঙ্গলবাৰে আৰম্ভ হোৱা নগাঁও গ্ৰন্থমেলা – ২০১৭ আনুষ্ঠানিক ভাৱে উদ্বোধন  কৰে বিশিষ্ট কবি সাহিত্যিক হৰেকৃষ্ণ ডেকাই। গ্ৰন্থমেলা উদ্ধোধন কৰি দিয়া ভাষণত বিশিষ্ট গল্পকাৰ হৰেকৃঞ্চ ডেকাই কয় – কিতাপ কেতিয়াও শেষ হৈ নাযায়। কিন্ত কি ধৰণৰ কিতাপ থাকিব সেইটোহে ডাঙৰ প্ৰশ্ন। ছপা কিতাপৰ স্পৰ্শই যি আনন্দ দিয়ে, “ই-কিতাপ” ৰ ক্ষেত্ৰত সেই আনন্দ পোৱা নাযায়। ছপা কিতাপৰ মূল্য এতিয়াও আছে, আগলৈকো থাকিব। প্ৰসংগক্ৰমে তেওঁ কয়- জ্ঞানৰ বাবে কিতাপ লাগিবই। নগাঁৱৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে অসমীয়া সাহিত্যজগতলৈ নগাঁৱৰ যথেষ্ট  অৱদান আছে বুলি তেওঁ কয়।  তেওঁ কয় – অসমীয়া সাহিত্যৰ আধুনিকতাৰ ক্ষেত্ৰত নৱকান্ত বৰুৱা আৰু মহিম বৰাৰ যথেষ্ঠ অৱদানমহিম। তেওঁ কলং নৈ আজিও মোৰ মনত অনুৰণন হৈ আছে বুলি ভাষণত উল্লেখ কৰে। নগাঁও গ্ৰন্থমেলাৰ -২০১৭ ৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থমেলাৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় – নগাঁৱলৈ অহাটো আনন্দৰ কথা। নগাঁৱৰ মাজত ব্যাতিক্ৰম চিন্তা দেখিবলৈ পাওঁ। তেওঁ কয় – কিতাপৰ কথা আহিলেই লৰালি কালৰ, পথাৰ, নৈ,পাহাৰ আদিৰ কথা মনত পৰে। ভাষণ প্ৰসংগত তেওঁ কয় – ছপা কিতাপ সদায় থাকিব আৰু ই মুক্তিৰ সম্ভেদ দিয়ে। লগতে নতুন কথা চিন্তা কৰাৰ সামৰ্থ দিয়ে। সিমানেই প্ৰতিৰোধ নাহক কিয়, যিমানেই কিতাপ নাইকিয়া হ’ব বুলি আশংকা নাহক কিয় কিতাপ থাকিব‌ই। কিতাপৰ গত্যান্তৰ নাই। অসমীয়া ভাষাৰ কিতাপ অধ্যয়নৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰিবলৈ আহ্বান জনাই ডঃ চৌধুৰীয়ে কয় – সৰহভাগ লৰা-ছোৱালীয়ে অসমীয়া কিতাপ নপঢ়ে। এচামে নিজৰ লৰা-ছোৱালীক অসমীয়া কিতাপ নপঢ়ে বুলি গৌৰৱ অনুভৱ কৰে। এইটো অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। তেওঁ কয় – অসমীয়া কিতাপ পঢ়িবলৈ পৰিৱেশ ঘুৰাই আনিব লাগিব। এয়াই হৈছে এইখিনি সময়ৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয়। তেওঁ গ্ৰন্থমেলাত অভিভাৱক সকলক নিজৰ সন্তানক এখন অসমীয়া কিতাপ কিনি দিবলৈ আহ্বান জনায়। গ্ৰন্থমেলাৰ উদ্ধোধনী সভাতে শংকৰী সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰ আৰু বৰ্ষীয়ান লেখিকা সৌজন্যময়ী ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনাৰ উত্তৰত তিলক চন্দ্ৰ মজুমদাৰে কয় – শংকৰদেৱতকৈ বেছি আধুনিক কোনো নাছিল। তেওঁৰ সাহিত্য, সংস্কৃতি, আদৰ্শ‌ই তেওঁক সদায় জীয়াই ৰাখিব। বৰ্তমান শংকৰদেৱৰ সংস্কৃতিৰ বহু বিকৃতি ঘটিছে বুলি খেদ প্ৰকাশ কৰি মজুমদাৰে আৰু কয় যে শংকৰদেৱৰ আদৰ্শ‌ইহে জাতীয়তাক অধিক মজবুত কৰিব। আনগৰাকী সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যই কয় – অসমীয়া ভাষা কেতিয়াও নমৰে, ই সদায় জীয়াই থাকিব। তেওঁ অসমৰ সকলো চৰকাৰী কাৰ্যালয়তে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। উদ্ধোধনী অনুষ্ঠিত আদৰণি ভাষণ দি উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে গ্ৰন্থৰ সমান বন্ধু একো নাই। গ্ৰন্থ অধ্যয়নে মানুহক জ্ঞানী কৰি তোলে। গ্ৰন্থ‌ই নিসংগতাক সংগ দিয়ে। বিদ্যালয়ৰ পাঠ্যক্ৰমত ভূগোল, বুৰঞ্জী অতি আৱশ্যকীয় বুলি মন্তব্য কৰি শৰ্মাই কয় যে এই ভূগোল, বুৰঞ্জীৰ জ্ঞান নথকাৰ বাবেই আজি এচামে চেক্সপিয়েৰক জানিলেও শংকৰদেৱৰ বিষয়ে ভালদৰে নাজানে। তেওঁৰ ভাষণত নগাঁৱৰ প্ৰতিজন সাহিত্যিকৰ অৱদানৰ কথা স্মৰণ কৰে। উল্লেখ্য, এইবাৰৰ নগাঁও গ্ৰন্থমেলাত শতাধিক প্ৰকাশন গোষ্ঠী আৰু গ্ৰন্থ বিপনীয়ে অংশ গ্ৰহণ কৰিছে। ,,,,,,,,,,,,,,,, আজিৰ কাৰ্যসূচী : গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি আজি বিয়পি দুই বজাত মহেশ চন্দ্ৰ দেৱ গোস্বামী জন্ম শতবৰ্ষ সোৱৰণী শ্ৰদ্বাৰ্ঘ অনুষ্ঠানৰ লগত সংগতি ৰাখি ” মহেশ চন্দ্ৰ দেৱ গোস্বামী : উত্তৰ ৰসৰাজ যুগৰ অন্যতম শ্ৰেষ্ঠ ব্যাংগ সাহিত্যিক “- শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সমালোচক প্ৰভাত বৰাৰ সঞ্চালনাত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশ গ্ৰহণ কৰে সাহিত্যিক ইদ্ৰিছ আলী আৰু ময়ুৰ বৰাই। সন্ধ্যা অসমীয়া চলচ্চিত্ৰ জগতৰ চলচ্চিত্ৰ ইতিহাসৰ প’ষ্টাৰ আৰু অন্যান্য প্ৰদৰ্শনী দ্বাৰ মুকলি অনুষ্ঠানত অংশ লয় যতীন বৰা, পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অভিজিত নাথে। সন্ধ্যা পাচ বজাত য়েছে দৰজে ঠংচিৰ লগত লেখক-পাঠকৰ মুখামুখি অনুষ্ঠান, মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধ্যা সাত বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close