শেহতীয়া
Home / অসম / নগাঁৱৰ কন্দলীত হাতী জাকৰ উপদ্ৰৱ, ক্ষুব্ধ ৰাইজৰ আক্ৰমণত আহত চাৰি বন কৰ্মী 

নগাঁৱৰ কন্দলীত হাতী জাকৰ উপদ্ৰৱ, ক্ষুব্ধ ৰাইজৰ আক্ৰমণত আহত চাৰি বন কৰ্মী 

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও জিলাৰ কঠিয়াতলী বন বিভাগৰ অন্তৰ্গত কন্দলীত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধিয়ে অঞ্চলবাসীক অতিষ্ঠ কৰি তুলিছে। বিগত প্ৰায় দহ দিন ধৰি
কুহিয়াৰতলী,দৰঙ্গীয়াল, জাপিসজীয়া,কমাৰপাৰ,শলমাৰী
গাঁৱত সন্ত্ৰাস চলাইছে হাতীৰ জাকে। অাজি দুপৰীয়া ১৫০টা হাতীৰ জাক বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অাহি ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ। অাতংকিত গাঁওবাসীয়ে বনবিভাগক খবৰ দিয়াৰ পাছতো উপস্থিত হোৱা নাছিল বন বিভাগ কোনো লোক। পাছত ঘটনাস্থলীত পলমকৈ বিভাগটোৰ বনকৰ্মী এটা দল উপস্থিত হয় যদিও বন কৰ্মীক অাক্ৰমন আৰম্ভ কৰে স্থানীয় একাংশ লোকে। আনকি প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰি এগৰাকী মহিলাই ওচৰতে থকা বাঁহৰ লাঠিৰে বনকৰ্মীসকলক অাক্ৰমন কৰে। পিছত একাংশ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি বনকৰ্মীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই আক্ৰমণত গুনকান্ত হাজৰিকা, ৰূপজ্যোতি বৰা, কবীন মহন্ত আৰু আলী হুছেইন নামৰ বন কৰ্মী কেইজন আহত হয়। ইয়াৰে, আহত আলী হুছেইন বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে বন কৰ্মীয়ে শূণ্যলৈ গুলী ফুটাই হাতীৰ বৃহৎ জাকটোক খেদাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ইয়াৰ মাজতে দুটা হাতীৰ মাজত হোৱা দীৰ্ঘসময় তয়া ময়া ৰণে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*