অসম

নগাঁৱৰ নমাটিত স্বেচ্ছাসেৱী সংস্থা “প্ৰথম”ৰ উদ্যোগত অসম দিৱস উদযাপন

প্ৰথম খবৰ,জাজৰি:অসম দিৱস উপলক্ষে নমাটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় শিশুৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে চিত্ৰাঙ্কন প্ৰতিযোগিতা,স্মৃতি পৰীক্ষা ,অাকস্মিক বক্তৃতা অাৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন গীত মাত কবিতা অাবৃতি অাদি অনুষ্ঠিত কৰা হয়।স্বেচ্ছাসেৱী সংস্থা ” প্ৰথম” অাৰু বিদ্যালয়ৰ শিশুসকলৰ লগতে অভিভাৱকসকল উপস্থিত  থাকে। শিশুৰ সামগ্ৰীক বিকাশৰ ক্ষেত্ৰত এখনি শিশুসভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে হিৰুস্মৃতা শইকীয়াই।

এই বণাৰ্ঢ্য অনুষ্ঠানত উপষ্ঠিত থাকে লথাবড়ি নমাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বুলু হাজৰিকা অাৰু কেন্দ্ৰ সমল ব্যক্তি নৰেন ডেকা,অাৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক নিলাক্ষী ৰাজকুমাৰী। স্বেচ্ছাসেৱী সংস্থা “প্ৰথমৰ” হৈ ৰুহিত বৰা,প্ৰসন্ন মহন্ত,লুইত মহন্ত,লক্ষী কাকতি অাৰু জিলা সমন্বয়ক মুকুট বৰা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close