অসম

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মীৰ মৃত্যু 

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ  : নগাঁও চহৰৰ লাওখোৱা ৰোড নিবাসী বিশিষ্ট সমাজকৰ্মী, সু-অভিনেতা ভূৱন চন্দ্ৰ বৰুৱা(৮০)ৰ বাৰ্ধক্যজনিত কাৰণত নিজ গৃহতে মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ শৰ্যাগত হৈ আছিল। প্ৰয়াত ভূৱন চন্দ্ৰ বৰুৱা নগাঁও বীনাপানী নাট্য মন্দিৰ, ডিফু ক্লাব, হাউৰাঘাট নাট্য সমাজ, উত্তৰ হয়বৰগাঁও সনাতন হিন্দু সমাজ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল। তেওঁ জীৱিত কালত কেবাখনো বঙালী নাট অসমীয়ালৈ অনুবাদ কৰি থৈ গৈছে। লোকজনৰ মৃত্যুত নগাঁও জিলাৰ লগতে কাৰ্বি আংলং জিলাতো শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ তিনি সন্তান আৰু বহু আত্মীয় ইহ সংসাৰত এৰি থৈ গৈছে।

 

Related Articles

Leave a Reply

Close