অসমশীৰ্ষ

নগাবাটত আৰক্ষীৰ জালত দুই ভুৱা বেজ

নগাবাটৰ পৰা অজয় শইকীয়া, প্ৰথম খবৰ : তিতাবৰ মহকুমাৰ নগাবাট পানীখেতিত ৰবিবাৰে সন্ধিয়া বেজালিৰে ধন সংগ্ৰহ কৰিবলৈ অহা দুজন ভুৱা বেজ আৰক্ষীৰ জালত পৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ পৰা জানিব পৰা মতে, হোজাইৰ যোগীজান গাৱঁৰ আইজুল ইছলাম (১৯) আৰু নগাওঁ পুৰণা বজাৰৰ আমুৰুদ্দিন আলী (২২) নামৰ ধৃত যুৱক কেইজনে বিগত প্ৰায় এমাহৰ পৰা সাপ, তাবিজ, বিভিন্ন জীৱ-জন্তুৰ হাড়, গছৰ সৰু ডাল আদিলৈ বেজালিৰে ভয় দেখুৱাই পানীখেতি বনুৱা গাৱঁৰ বিভিন্ন লোকৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছিল। কালি খবৰ পাই বৰহোলা আৰু পানীখেতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱককেইজনক জেৰা কৰাতহে উৰহী গছৰ ওৰ ওলাই পৰে। বাতৰি লিখা সময়লৈকে ধৃত ভূৱা বেজ কেইটাক গ্ৰেপ্তাৰ কৰি বৰহোলা আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close