অসম

নগা চুক্তি ৰাজহুৱা কৰাৰ দাবীত নগাবাটত যুৱ-ছাত্ৰৰ জোঁৰ সমদল

নগাবাটৰ সীমান্তৰ পৰা অজয় শইকীয়া: প্ৰথম খবৰ: বৃহত্তৰ নাগালিমৰ প্ৰসংগত ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদ অব্যাহত থকাৰ পাছতো সৰ্বানন্দ সোনোৱাল নেতৃতাধীন চৰকাৰখনে গ্ৰহণ কৰা ৰহস্যজনক ভূমিকাক তীব্ৰ বিৰোধিতা কৰি আজি সন্ধিয়া নগাবাটৰ ৰাজপথলৈ ওলাই আহিল শ শ জনতা। কেন্দ্ৰীয় চৰকাৰে এন এছ চি এনৰ সৈতে কৰা গোপন ফ্ৰেমৱৰ্ক চুক্তি শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবীৰে আৰু বৃহত্তৰ নাগালিমত অসমৰ ভূ খণ্ড অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত তিতাবৰ মহকুমাৰ সীমান্তৱৰ্তী অঞ্চলৰ কেইবাশতাধিক জনসাধাৰণ একত্ৰিত হৈ এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাবাট শাখা সমিতিৰ উদ্যোগত পানীখেতি চাৰিআলিৰ পৰা নগাবাট চাৰিআলিলৈকে ৰূপায়িত হোৱা এই প্ৰতিবাদী জোঁৰ সমদলটোত অসম চৰকাৰ হায় হায়, নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰক, তেজ দিলেও আমি মাটি নিদিওঁ, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। সংগঠনটোৰ নগাবাট শাখাৰ সম্পাদক ভাস্কৰজ্যোতি হাজৰিকা আৰু তিতাবৰ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক ব্যাসদেৱ শইকীয়াৰ সৱল নেতৃত্বত সম্পন্ন হোৱা আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ সম্পাদক বাবু দত্ত, উপ-সভাপতিদ্বয় ক্ৰমে উপেন কলিতা আৰু প্ৰণৱ শইকীয়া, তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ দত্ত, কৃষক মুক্তিৰ ৰাইডাংজুৰি আঞ্চলিক সমিতিৰ সম্পাদক বিকি শইকীয়াকে ধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰহোলা, বালিজান, বেকাজান, ৰজাবাহৰ, ইকৰাণি শাখা সমিতিৰ কেইবাজনো বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close